কাইলৈ দিনৰ ১১ বজাত টকিঅ’ অলিম্পিকৰ ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চাইনীজ টাইপেৰ চেন নিয়েন চিনক পৰাস্ত কৰি প্ৰৱেশ কৰিছিল ছেমী ফাইনেলত।
কাইলৈ অনুষ্ঠিত হ’বলগীয়া খেলৰ পূৰ্বে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈছে। ছেমিফাইনেলৰ পূৰ্বে লাভলিনালৈ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আৰু স্প’ৰ্টছ একাডেমী অৱ শুৱালকুছিৰ তৰফৰ পৰা শুভেচ্ছা বাৰ্তা।
কাইলৈৰ খেলত লাভলীনাৰ প্ৰতিদ্বন্দ্বী হ’ব টুৰ্কীৰ বিশ্ব চেম্পিয়ন বুসেনাজ সুৰমেনেলী।
Photo: Google




























Discussion about this post