বহুতে কৈ আছে অলিম্পিকৰ হকীত ভাৰতে ১৯৮০ চনৰ অলিম্পিকত স্বৰ্ণ জিকিছিল তেনেহ’লে ১৯৭২ চনৰ অলিম্পিকৰ পিছত কেনেকৈ ৪৯ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে ছেমিফাইনেলত প্ৰৱেশ কৰিলে? কথাটো ক্লিয়েৰ কৰি দিব বিচাৰিছো।
১৯৭২ চনত অলিম্পিক হকীত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল ৷ এই খেলত পাকিস্তানৰ বিৰুদ্ধে ২-০ত পৰাজিত হৈছিল ৷ ব্ৰঞ্জৰ পদকৰ খেলত নেডাৰলেণ্ডক ২-১ ব্যৱধানত পৰাজিত কৰি ব্ৰঞ্জ জিকিছিল ভাৰতীয় পুৰুষ হকী দলে ৷
১৯৮০ৰ অলিম্পিকত স্বৰ্ণ জিকিছিল যদিও খেল হৈছিল ৰবীন ৰাউণ্ড পদ্ধতি আছিল ৷ অর্থাৎ প্ৰতিটো দলে প্ৰতিটো দলৰ বিৰুদ্ধে খেলিছিল।
ৰাউণ্ডৰ শেষত প্ৰথম আৰু দ্বিতীয় দলে গ’ল্ড মেডেলৰ কাৰণে খেলিছিল, বিজিত দলে ৰূপৰ পদক পাইছিল, তৃতীয় আৰু চতুৰ্থ স্থানত থকা দলটোৱে ব্ৰঞ্জ মেডেলৰ কাৰণে খেলিছিল। অৰ্থাৎ ১৯৮০ চনত, কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেল নাছিল। সেয়ে ১৯৭২ চনৰ পৰা ৪৯ বছৰৰ মূৰত ভাৰতে অলিম্পিকৰ হকীত ছেমি ফাইনেল খেলিব।
Photo: ৰাকেশ শৰ্মা
Discussion about this post