দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতক অৰ্জন কৰি বিৰাট কোহলিয়ে শচীন তেণ্ডুলকাৰৰ ৪৯ সংখ্যক এদিনীয়া শতকৰ অভিলেখ স্পৰ্শ কৰে। যুগমীয়া হৈ ৰ’ল তেওঁৰ ৩৫ বছৰীয়া জন্মদিন।
কোহলিৰ ১০১ ৰানৰ বিশাল ইনিংছৰ বাবেই টিম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ৩২৭ ৰানৰ লক্ষ্য বান্ধি দিছিল। দক্ষিণ আফ্ৰিকাই উত্তৰত মাত্ৰ ৮৩ ৰান সংগ্ৰহ কৰি অল আউট হয়। ভাৰতে ২৪৩ ৰানত জয়লাভ কৰে।
বিৰাট কোহলিয়ে হোটেললৈ উভতি আহি BCCIৰ বিষয়াসকলৰ সৈতে ৩৫ বছৰীয়া জন্মদিনৰ কেক কাটি জন্মদিন উদযাপন কৰে। অৱশ্যে কোনো বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হোৱা নাছিল।
ভাৰতৰ বেটছমেন বিৰাট কোহলিক জন্মদিনত CAB (Cricket Association of Bengal) এ সোণালী বেট উপহাৰ দিয়ে। স্নেহাছিছ গংগোপাধ্যায়ে এই বিশেষ উপহাৰ বিৰাট কোহলিৰ হাতত তুলি দিয়ে।
জন্মদিনত পত্নী অনুষ্কা আৰু কন্যা ভামিকাৰ সৈতে সময় কটাবলৈ কোহলিয়ে কলকাতা এৰি মাজনিশাই মুম্বাইলৈ উভতি যায়।
Discussion about this post