ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ প্ৰদৰ্শন সন্দৰ্ভত টুইট কৰি ট্ৰ’লৰ সন্মুখীন হৈছে ৰিয়াণ পৰাগ !
ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন খেলত কোহলীয়ে কোনো ৰান নকৰাকৈ বিদায় লৈছিল। তেওঁ দ্বিতীয় খন খেলৰ প্ৰথম ইনিংছত মাত্ৰ ৪২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। তেতিয়াই টুইট কৰিছিল ৰিয়াণে।
ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ বেটে এতিয়াও ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ছন্দ ওভতাই পোৱা নাই। তেওঁ টেষ্ট শৃংখলাত বেয়া ফৰ্মৰ সৈতে যুঁজি থকা দেখা গৈছে।
এই কথাটোকে লৈ টুইট কৰি ৰাজস্থান ৰয়েলছৰ এজন যুৱ অলৰাউণ্ডাৰ অসমৰ ৰিয়ান পৰাগ বিপদত। পৰাগে টুইট কৰিছিল যে বুটাম লগাই আৰু কলাৰটো নমাই… বিৰাট কোহলীৰ আগৰ দৰে ছন্দ নাই।
তাৰ পিছত অনুৰাগীসকলে পৰাগক বিভিন্ন ধৰণৰ পৰামৰ্শ দিবলৈ আৰম্ভ কৰিছিল। দৰাচলতে, ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন খেলত কোহলীয়ে কোনো ৰান নকৰাকৈ বিদায় লৈছিল। তেওঁ দ্বিতীয় খন খেলৰ প্ৰথম ইনিংছত মাত্ৰ ৪২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।
কোহলীয়ে প্ৰায় ২ বছৰ ধৰি শতক অৰ্জন কৰা নাই। তেনে ক্ষেত্ৰত, তেওঁৰ ফৰ্মক লৈ আঙুলি তুলিবলৈ আৰম্ভ কৰিছে। আনকি অধিনায়কত্বক লৈও প্ৰশ্ন কৰা হৈছে। কিন্তু কোহলীৰ বিষয়ে টুইট কৰাৰ বাবে পৰাগ ব্যাপক ট্ৰোলৰ সন্মুখীন হ’ব লগা হৈছে।
এই টুইটৰ পিছত, অনুৰাগীসকলে পৰাগক প্ৰথমে আইনাত নিজকে চাবলৈ পৰামৰ্শ দিছিল।
Discussion about this post