নগাঁৱৰ কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে উৎকোচ লোৱাৰ অপৰাধত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ হাতত কৰায়ত্ত হোৱা মহিলা তৃতীয় বৰ্গৰ কৰ্মচাৰীগৰাকীক পিছত খুচবু হৰলালকা বুলি চিনাক্ত কৰা হয়।
ঘটনা সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিবলৈ দিয়া অনুসৰি, নগাঁৱৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ পৰা জি পি এফৰ লোণৰ আবেদন কৰাত মহিলা কৰ্মচাৰীগৰাকীয়ে কনিষ্টবল নবীন বৰাৰ পৰা ১০০০ টকা উৎকোচ বিচাৰিছিল।
নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ মন্তব্য-
ভুক্তভোগী আৰক্ষী কনিষ্টবল নবীন বৰাৰ মন্তব্য-
খুচবু হাৰলালকা
আৰক্ষী কনিষ্টবল নবীন বৰাৰ পৰা জি পি এফৰ ধন মোকলাই দিয়াৰ নামত এহাজাৰ টকা বিচৰাৰ কথা জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অৱগত কৰে আৰু এই অভিযোগৰ ভিত্তিত পৰিকল্পনা প্ৰস্তুত কৰি নগাঁও আৰক্ষীয়ে কৌশলেৰে আটক কৰে খুচবু হাৰলালকা নামৰ গাণনিকগৰাকীক হাতেলোটে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি আৰক্ষীয়ে ধৃত কৰ্মচাৰী গৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post