বিয়াৰ প্ৰলোভন আৰু টকাৰ বিনিময়ত বহিঃৰাজ্যলৈ কিশোৰী যুৱতী সৰবৰাহ কৰা এটা দেহ ব্যৱসায়ী চক্ৰক আটক কৰা হয় নগাঁৱৰ কচুৱাত। কচুৱাৰ পণ্ডিতঘাটত ৰাইজৰ হাতত আটক হ’ল সুদূৰ ৰাজস্থানৰ পৰা আহি নাৰী সৰবৰাহ কৰা চাৰিজনীয়া এটা কুখ্যাত চক্ৰ।
কচুৱা পণ্ডিটঘাটৰ সচেতন ৰাইজে আটক চাৰিজনীয়া দলটোক আটক কৰি গতাই দিয়ে কচুৱা আৰক্ষীক ৷ আটকাধীন নাৰী দেহ ব্যৱসায় চক্ৰৰ লোক কেইজনৰ নাম ক্ৰমে ৰাজস্থানৰ মুকেশ কুমাৰ, ৰাকেশ কুমাৰ, নগাঁৱৰ ৰাম বাবু আৰু ৰামধাৰী দেবী ৷
ৰাজস্থানৰ মুকেশ কুমাৰ আৰু ৰাকেশ কুমাৰে নগাঁৱৰ ৰামধাৰী দেৱী আৰু পূজাৰী ৰাম বাবুৰ সহযোগত কচুৱা পণ্ডিটঘাটৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ১৪ বছৰীয়া নাবালিকাক বিয়াৰ প্ৰলোভন দিয়ে ৷
নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক সোমবাৰে আনুষ্ঠানিকভাৱে বিয়া কৰোৱাই নিবলৈ অহা চক্ৰটোৰ সকলো ৰহস্য ফাদিল হৈ পৰে ৷
বিগত সপ্তাহত ছাত্ৰীগৰাকীৰ পিতৃক ১০ হাজাৰ টকা বিয়াৰ বাবদ দি গৈছিল ব্যৱসায়ী চক্ৰটোৱে ৷ পূজাৰী ৰামবাবু আৰু মহিলা সৰবৰাহকাৰী ৰামধাৰী দেৱীক লগত লৈ নকল বেশধাৰী দৰা ৰাজস্থানৰ মুকেশ কুমাৰ আৰু ৰাকেশ কুমাৰ সোমবাৰে কইনাৰ ঘৰত উপস্থিত হয় ৷
নাবালিকা কইনাই কথাটো জানিবলৈ পাই স্থানীয় লোকক অৱগত কৰাৰ লগতে দৌৰি পলাই গৈ এঘৰত আশ্ৰয় লয় ৷ তৎক্ষণাত পণ্ডিটঘাট আৰু শিঙিমাৰীৰ তিনিজন গাওঁৰক্ষী বাহিনীৰ সম্পাদকে ৰাইজৰ সহযোগত চক্ৰটোৰ এগৰাকী মহিলাসহ চাৰিজনক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷
কচুৱা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ইতিমধ্যে কচুৱা আৰক্ষীয়ে চাৰিওটা অভিযুক্তক নগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
Photo & Input: আমিনুল হক
Discussion about this post