ৰাজ্যত পুনৰ বনকৰা কিশোৰীৰ মৃত্যু। শাৰীৰিক অত্যাচাৰৰ বলি হৈ মৃত্যু হৈছে এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ। এটা আৰক্ষীৰ পৰিয়ালত ঘৰুৱা বন কৰিবলৈ নিয়া এগৰাকী কিশোৰীৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনা তেজপুৰৰ।
গোলাঘাট জিলাৰ দেৰগাঁৱত কৰ্মৰত তেজপুৰৰ অনুৰূপা শইকীয়া(জোন) নামৰ মহিলা আৰক্ষী কনিষ্টবলগৰাকীৰ সৈতে বনকৰা হিচাপে আছিল তেজপুৰ ন-পামৰ চিপি ভেংৰা নামৰ কিশোৰীগৰাকী।
যোৱা ৩ ছেপ্টেম্বৰত কিশোৰীগৰাকীৰ পিতৃ-মাতৃক দেৰগাঁৱলৈ মাতি নি অসুস্থ অৱস্থাত ঘৰলৈ পঠিয়াই দিয়ে অনুৰূপা শইকীয়াই। অতি সংকটজনক অৱস্থাত কিশোৰীগৰাকীক শনিবাৰে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সোমবাৰে মৃত্যু হয় কিশোৰীগৰাকীৰ।
পৰিয়ালৰ লোকে কিশোৰীগৰাকীক মহিলা আৰক্ষী অনুৰূপা শইকীয়াই অকথ্য শাৰীৰিক নিৰ্যাতন চলোৱাৰ পৰিণতিত অসুস্থ হৈ মৃত্যুক সাৱটি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে ।
আনহাতে কিশোৰীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি কাৰ্যবাহী দণ্ডাধীশে কিশোৰীগৰাকীৰ দেহত গভীৰ আঘাতৰ চীন পোৱাৰ কথা স্পষ্ট কৰিছে। উল্লেখযোগ্য যে, কনিষ্টবল গৰাকীৰ স্বামী ৰাজীৱ বৰাও এজন আৰক্ষী আৰু তেওঁ তেজপুৰ সদৰ থানাত কৰ্মৰত।
ইতিমধ্যে ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ ককায়েক জুলুচ ভেংৰাই তেজপুৰ সদৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/৩৭৬ ধাৰা Read with Section 4 of POSCO আইনৰ অধীনত এক গোচৰ ৰুজু (তেজপুৰ থানাৰ গোচৰ নম্বৰ ১৮৮৮/২০২১) ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
বৰ্তমান পলাতক অৱস্থাত আছে কনিষ্টবল অনুৰূপা শইকীয়া।
Photo & Input: অভিজিৎ দাস
Discussion about this post