শোণিতপুৰ (Sonitpur) জিলাৰ জামুগুৰি আৰক্ষী থানাৰ (Jamuguri Police) অন্তৰ্গত ১নং মৰিসুতিৰ গোপচাৰত শনিবাৰে বিয়লি সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Murder Case) ৷ ভূৱন গুৱালা নামৰ এজন লোকে তেওঁৰ পত্নী অনিতা গোৱালাক মৰিয়াই মৰিয়াই হত্যা কৰি পিছত ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিবলৈ বিচাৰে স্বামী ভূৱন গোৱালাই ৷
অনিতা গোৱালাক নৃশংসভাৱে আক্ৰমন কৰা ঘটনা তেওঁৰ কণমানি সন্তানে প্ৰত্যক্ষ কৰে আৰু এই কথা ওচৰ চুবুৰীয়াক অবগত কৰাত সকলো কথা পোহৰলৈ আহে ৷ ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী (Jamuguri Police) উপস্থিত হৈ স্বামী ভূবন গোৱালাক গ্ৰেপ্তাৰ (Husband Arrest) কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ পাৰিবাৰিক কাৰণতে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে ওচৰ চুবুৰীয়া ৰাইজে ৷
Photo & Input: প্ৰাঞ্জল বৰুৱা
Discussion about this post