বৃহস্পতিবাৰে গোলাঘাটত (Golaghat) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গোলাঘাটত এগৰাকী মহিলাই নিজৰ ভিডিঅ’ বনাই (Viral Video) সামাজিক মাধ্যমত প্ৰকাশ কৰি ধনশিৰী নদীত জপিয়াই কৰে আত্মহত্যা (Women Jumped Into Dhansiri River)। বৰ্তমানেও মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী আৰু SDRFৰ দল।
Viral Video-
প্ৰাৰম্ভিক তথ্য লাভ কৰা অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া গোলাঘাট নগৰৰ পশ্চিম দিশত বৈ যোৱা ধনশিৰী নদীৰ দলঙৰ ওপৰত এগৰাকী মহিলাই জপিয়াই (Suicide) থকা দেখা পাই স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষী উপস্থিত হয়।
আনফালে ঘটনাস্থলীত একাংশ লোকে ধনশিৰী নদীত জাঁপ মাৰি (Women Jumped Into Dhansiri River) আত্মহননৰ (Suicide) চেষ্টা কৰা মহিলাগৰাকী গোলাঘাট নগৰৰ বাঙালী স্কুল ৰোড নিবাসী ৩৫ বছৰীয়া তুটোমনী আচাৰ্য বুলি জানিবলৈ দিয়ে। আত্মহত্যা কৰা মহিলাগৰাকীৰ এটি তিনি বছৰীয়া সন্তান আছে বুলিও জানিবলৈ দিয়ে। ঘটনাস্থলীত উপস্থিত আৰক্ষী দলে মহিলাগৰাকীৰ এটা মোবাইল আৰু বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে মহিলাগৰাকীৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হুৱা-দুৱা লগায়।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-eat-these-foods-to-reduce-sweating/9978/
Discussion about this post