অৱশেষত ৰঙাঘৰৰ আলহী হ’ল শুভজিত গগৈ। গোলাঘাটৰ (Golaghat) বৰপথাৰ (Barpathar) থানা অন্তৰ্গত সোণালী পথাৰত পত্নীক ‘উলংগ’ (Naked) কৰি অকথ্য নিৰ্যাতন চলোৱা শুভজিত গগৈৰ ভিডিঅ’ ভাইৰেল (Viral Video) হোৱা পিছত আৰক্ষীয়ে নিজাববীয়াকৈ অভিযুক্ত স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আটক কৰিলে।
ভাইৰেল (Viral Video)-
উল্লেখযোগ্য যে পৰকীয়া প্ৰেমৰ সন্দেহত গোলাঘাটৰ (Golaghat) গেলাবিল সোণালী পথাৰত পত্নীক গাঁওবাসী ৰাইজৰ সন্মুখতে শুভজিত গগৈয়ে গুৰুলা-গুৰুলাকৈ প্ৰহাৰ (Women Physical Harrasment By Husband) কৰাৰ লগতে চোঁচৰাই-চোঁচৰাই টানি লৈ গৈছিল।
ইমানতে ক্ষান্ত নাথাকি পত্নীক অমানুষিক অত্যাচাৰ কৰাৰ লগতে ৰাইজৰ আগত ‘উলংগ’ কৰিছিল শুভজিত নামৰ এই পাষণ্ড স্বামীয়ে।
Photo & Input: Khatang Khobor





























Discussion about this post