ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ (Buwari Harrasment) ঘটনা সংঘটিত হৈছে। নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যা কৰে এগৰাকী কম বয়সীয়া বোৱাৰীয়ে (Buwari Suicide Case)। এই মৰ্মান্তিক ঘটনা (Tragic Incident) সংঘটিত হৈছে ধেমাজি (Dhemaji) জিলাৰ নিলখ সুন্দৰপুৰত।
এগৰাকী বোৱাৰীয়ে বিহপান কৰি আত্মহত্যা (Woman Commits Suicide By Consuming Poison) কৰাৰ ঘটনাই সমগ্র অঞ্চলতে উত্তেজনাৰ সৃষ্টি কৰিছে। ঘটনাটো জানিবলৈ দিয়া অনুসৰি শ্ৰীপানী মথাদাং গাঁৱৰ যাদৱ ফুকনৰ ১৮ বছৰীয়া কন্যা পল্লৱী ফুকনে প্ৰায় ১০ মাহ পূৰ্বে নিলখৰ সুন্দৰপুৰ গাঁৱৰ বুবুল বৰাৰ ২৩ বছৰীয়া পুত্ৰ মোহন বৰাৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।
কিন্তু বিয়াৰ কিছুদিন পিছতে পল্লৱীয়ে মোহনৰ আন কোনো যুৱতীৰ লগত সম্পৰ্ক (Husband Extra Marital Affairs) থকাৰ কথা জানিবলৈ পায় এখন ছুইচাইড নোট (Suicide Note) লিখি মঙলবাৰে আবেলি বিহপান কৰি আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়। মৃত বোৱাৰীগৰাকীয়ে ছুইচাইডৰ পূৰ্বে ছুইচাইড নোটত লিখি যায় এইদৰে-”মোৰ কথা কোনোৱে চিন্তা কৰিব নালাগে; মই নিজৰ ৰাস্তা নিজেই বিচাৰি ল’লো। যিয়ে এবাৰ মোৰ এবাৰ বিশ্বাস ভাঙিছে, তেওঁ মোৰ আৰু কেতিয়াও বিশ্বাসী হ’ব নোৱাৰে। মোৰ বহুত সপোন-আশা ৰৈ গ’ল। মই যি ভুল কৰিলো তাৰ বাবে মোক ক্ষমা কৰি দিব। মোৰ হাতত আৰু অন্য উপায় নাই। মোৰ শাহু মা-দেউতাক দেখিছো কিমান দুখত আছে কথাই প্ৰতি কাজিয়া লাগে এইবোৰ হোৱাতকৈ মই আঁতৰি আহিছো। মই আপোনাক বহুত ভাল পাইছিলো কিন্তু আপুনি বিশ্বাসঘাতকতা কৰিলে মোক বেয়া নাপাব।’ এই কথাখিনিয়েই শেষ আছিল পল্লৱীৰ।
বিহপান কৰাৰ পিছত ততাতৈয়াকৈ পল্লৱীক ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ (Dhemaji Civil Hospitla) নিয়া হয় যদিও চিকিৎসালয়ৰ পথতেই মৃত্যু হয় তাইৰ। আনহাতে বোৱাৰীগৰাকীক পৰিকল্পিতভাবে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলি অভিযোগ উত্থাপন কৰে পিতৃ গৃহৰ পৰিয়ালে। বুধবাৰে নিশা পৰিয়ালে চিচিবৰগাঁও আৰক্ষী চকীত (Sissiborgoan Police Station) স্বামী মোহন বৰা আৰু তেওঁৰ পিতৃ-মাতৃৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।
এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ আৰু ৩৪ ধাৰাত চিলাপথাৰ থানাত ১৫৩/২০২২ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি চিচিবৰগাঁও আৰক্ষীয়ে মোহন বৰাক গ্ৰেপ্তাৰ (Husband Arrest) কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। কিন্তু পৰিয়ালৰ অভিযোগ পিতৃ-মাতৃক কোনোধৰণৰ সোধা-পোচা নকৰিলে।
আনহাতে বুধবাৰে আবেলি মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত বোৱাৰীৰ মৃতদেহ স্বামীগৃহত আৰক্ষীয়ে গতাই দিয়াৰ পিছত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী আৰু অৰ্ধসমৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজত মৃত বোৱাৰীৰ শেষকৃত্য সম্পন্ন কৰা হয়।
Photo & Input: ভৃগু কুমাৰ বৰুৱা
Published By: Dulu Medhi
Discussion about this post