এক জঘন্য ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ নাহৰলগুনত (Arunachal Pradesh Naharlagun)। এনে অমানৱীয় দৃশ্য হয়তো আপুনি কেতিয়াও দেখা নাই ৷
সোপাধৰাৰ সন্দেহত অৰুণাচল প্ৰদেশত অসমৰ এগৰাকী মহিলাক নিৰ্মমভাবে প্ৰহাৰ একাংশ মানৱৰূপী দানৱৰ (Women Beaten By Locals)। মহিলাগৰাকীৰ দুয়োখন ভৰি বান্ধি চলাইছে শাৰীৰিক অত্যাচাৰ। কোনোবাই যদি ভৰিৰে গচকে, কোনোবাই আকৌ লাঠীৰে কোবাই, কোনোবাই আকৌ দাৰে ডিঙি চেপি ধৰে। মুঠতে মহিলাগৰাকীৰ ওপৰত চলাইছে নিষ্ঠুৰভাবে অত্যাচাৰ।
দুৰ্ভগীয়া মহিলাগৰাকীয়ে কেৱল কান্দিছে, কাতৰ মিনতি কৰিছে, জীৱন ভিক্ষা খুজিছে ৷ তাৰ পিছতো একাংশ জীৱশ্ৰেষ্ঠ মানৱৰ নকমিল অত্যাচাৰ। মহিলাগৰাকী মানসিকভাবে বিকাৰগ্ৰস্ত। তাৰ পিছতো এনেধৰণে চলালে অত্যাচাৰ। ঘটনাটো পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ৰাজ্য়জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দোষীক উচিত শাস্তি দিয়াৰ আহ্বান জনাইছে বিভিন্নজনে।
Photo & Input: ইছৰাকুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-vastu-tips-never-gift-these-things/12538/
Discussion about this post