আপোনাৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড নিশ্চয় আছে। কিন্তু আপুনি যদি সাৱধান নহয় তেন্তে আপোনাৰ অজ্ঞাতেই মূৰত পৰিব পাৰে ঋণৰ বোজা। তেনে এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ধিং সমষ্টিৰ বিভিন্ন অঞ্চলত। সাধাৰণ দৰিদ্ৰ কৃষক ৰাইজৰ পৰা বিভিন্ন প্ৰলোভন দেখোৱাই ভোটাৰ আই ডি, আধাৰ কাৰ্ড, পান কাৰ্ড সংগ্ৰহ কৰি লাখ টকা আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ আহিছে।
অকল এয়াই নহয়, ধিং (Dhing) সমষ্টিৰ বিভিন্ন অঞ্চলৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ ধনৰ নামত জালিয়াতিৰে লাখ লাখ লুণ্ঠন চলোৱাৰো গুৰুতৰ অভিযোগ উখাপন হৈছে আৰু এই সমগ্ৰ দুৰ্নীতি, কেলেংকাৰী আৰু জালিয়াতিৰ মূল নায়ক নাম সাঙোৰ খাই পৰিছে নগাঁও জিলাৰ ধিঙৰ ৰাধাআটী গাঁৱৰ ৰিয়াজ উদ্দিনৰ পুত্ৰ গুলজাৰ হুছেইনৰ নাম।
জানিব পৰা মতে, ধিং (Dhing) সমষ্টিৰ বিভিন্ন অঞ্চলৰ ৰাইজক ভূৱা প্ৰলোভনেৰে ৰাইজৰ মূৰত ৰামটাঙোন সোধাইছে ৰাধাআটীৰ মহা প্ৰৱঞ্চক (Fraud) গুলজাৰে। শ শ দৰিদ্ৰ লোকৰ নামত অতি কম দিনতে অজ্ঞাতেই বিভিন্ন বেংকৰ পৰা সৰকাইছে লাখ লাখ টকা।
মহা প্ৰৱঞ্চক গুলজাৰে চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা দিয়াৰ প্ৰলোভনেৰে প্ৰায় শতাধিক ৰাইজৰ সংগ্ৰহ কৰিছিল ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু আধাৰ কাৰ্ড। এইসমূহ তথ্যপাতিৰে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা তেওঁলোকৰ অজ্ঞাতেই সংগ্ৰহ কৰিছিল লাখ লাখ টকাৰ ঋণ।
প্ৰতিজন লোকৰ নামত দহৰ পৰা ৫০/৬০ হাজাৰ টকা পৰ্যন্ত কৌশলেৰে সৰকাইছে প্ৰৱঞ্চক গুলজাৰে। ইতিমধ্যে বহু ৰাইজে নিজৰ নিজৰ একাউণ্ট পৰীক্ষা কৰাত পোহৰলৈ আহিছে গুলজাৰৰ দুৰ্ণীতিৰ সমগ্র তথ্য। প্ৰৱঞ্চক গুলজাৰৰ জালত পৰা বহু লোকে পুৱা সন্ধিয়া গুলজাৰক বিচাৰি ঘৰত ভিৰ কৰিছে যদিও ৰাইজৰ ৰোষত পৰাৰ ভয়ত পলায়ন কৰি আছে গুলজাৰ।
অকল এয়াই নহয়, বিগত তিনি/চাৰি বছৰ ধৰি ধিং সমষ্টিৰ বিভিন্ন অঞ্চলৰ সংখ্যালঘু ছাত্র-ছাত্ৰীৰ জলপানিৰ নামতো এই মহা প্ৰৱঞ্চক গুলজাৰে জালিয়াতিৰে লাখ লাখ টকা আত্মসাৎ কৰাৰো আছে গুৰুতৰ অভিযোগ।
কেইদিনমানৰ আগলৈকে গুলজাৰৰ পিতৃ এজন সাধাৰণ দৰিদ্ৰ কৃষকে হঠাৎ কেনেদৰে ঘৰ গাড়ীৰ লগতে গঢ়িব পাৰিলে সম্পত্তিৰ পাহাৰ তাকো লৈ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত অতি শ্ৰীঘ্ৰেই ভুক্তভোগী ৰাইজে ঠগ-প্ৰৱঞ্চক গুলজাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে। মুঠৰ ওপৰত এই মহা প্ৰৱঞ্চক গুলজাৰক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি তদন্ত চলালেই ওলাই পৰিব গুলজাৰৰ দুৰ্নীতি-কেলেংকাৰীৰ সমগ্র তথ্য।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post