ধেমাজিত বৰদেউতাকৰ যৌন নিৰ্যাতনৰ বলি হ’ল ১৩ বছৰীয়া কিশোৰী ৷ অষ্টম শ্ৰেণীত অধ্যয়নৰত কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই পলাতক বৰদেউতাক ৷ ব্যৱসায়ী মৃদুল শৰ্মাৰ নিকৃষ্ট কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধেমাজিত ৷
এইবাৰ ধেমাজিত ভতিজাকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ বৰদেউতাকৰ বিৰুদ্ধে ৷ ধেমাজি সদৰ আৰক্ষী থানাত ব্যৱসায়ী মৃদুল শৰ্মাৰ বিৰুদ্ধে Case No 350/2021ত U/S 354 IPC R/W 8 of Posco Actৰ অধীনত গোচৰ ৰুজু ৷
শিশু সুৰক্ষা আয়োগতো গোচৰ ভুক্তভোগী পিতৃ-মাতৃৰ ৷ ব্যৱসায়ী তথা-ঠিকাদাৰ মৃদুল শৰ্মাৰ ঘৰত এটা কোঠাত ১৩ বছৰীয়া কিশোৰীগৰাকীক বলাৎকাৰৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
বৰ্তমান পলাতক অভিযুক্ত মৃদুল শৰ্মাক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবলে দাবী জনাইছে ধেমাজিৰ বিভিন্ন দল সংগঠন আৰু সচেতন মহলে ৷
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post