নগাঁও আৰক্ষী (Nagaon Police) অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra) বাহিনীয়ে এক বৃহৎ মোবাইল চুৰি (Mobile Thief) গেং উৎখাত কৰিবলৈ সক্ষম হয়। নগাঁও অৰক্ষীয়ে (Nagaon Police) এক গোপন খবৰৰ ভিত্তিত চহৰ খনৰ হয়বৰগাঁৱৰ এটা ভাড়া ঘৰত অভিযান চলাই ১৩৪টা চুৰি স্মাৰ্টফোন (SmartPhone) উদ্ধাৰ কৰাৰ লগতে বহিঃৰাজ্য ঝাৰখণ্ডৰ পৰা আহি নগাঁৱত বাহৰ পাতি থকা দুই মোবাইল চোৰৰ গেং লিডাৰ দুটাক গ্ৰেপ্তাৰ (Arrest) কৰিবলৈ সক্ষম হয়।
শুকুৰবাৰে নিশা ধৃত ৰাজকুমাৰ ননিয়া আৰু চনু কুমাৰ ননিয়াই বৃহৎ পৰিমাণৰ এই চুৰি মোবাইল ফোন বিলাক পেকিং কৰি ডিমাপুৰলৈ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি থকাৰ সময়তে নগাঁও আৰক্ষীয়ে চুৰি মোবাইলফোন বিলাক জব্দ কৰাৰ লগতে যুৱক দুজনকো গ্ৰেপ্তাৰ কৰে।
এই মোবাইল ফোন বিলাক নগাঁৱৰ বিভিন্ন স্থানত চুৰি হোৱা বুলি জানিব পৰা গৈছে। অভিযানৰ সময়ত ধৃত যুৱক দুজনে অভিযানৰ সময়ত অভিযানকাৰী বিষয়া তৰংগ পাটোৱাৰীক ২ লাখ টকাৰ উৎকোচ দিবলৈ চেষ্টা কৰে যদিও বিষয়া গৰাকীয়ে প্ৰলোভনত ভোল নগৈ বিষয়টো আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অৱগত কৰাৰ লগতে গেংটোৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে।
এই ক্ষেত্ৰত আজি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই তদন্তকাৰী বিষয়াজনক প্ৰশংসাৰে উপচাই পেলাই। সম্প্ৰতি নগাঁও আৰক্ষীয়ে (Nagaon Police) যুৱক দুজনক অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post