গুৱাহাটীত (Guwahati) সংঘটিত হৈছে এক নিৰ্লজ্জ কাণ্ড। চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন (Sexual Harassment) কৰাৰ অভিযোগত গৃহ শিক্ষক গ্ৰেপ্তাৰ (Tution Teacher Arrest)। এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত দেওবাৰে এজন ৫০ বছৰীয়া গৃহ শিক্ষকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি গ্ৰেপ্তাৰ হোৱা শিক্ষকজনৰ নাম মইনুল হক। বিবাহিত শিক্ষকজনে ঘৰত টিউচন পঢ়োৱাৰ লগতে গুৱাহাটীৰ কটাহবাৰী অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়তো কাম কৰে।
ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃয়ে গড়চুক আৰক্ষী (Gorchuk Police) থানাত অভিযোগ দাখিল কৰাৰ পিছতে শিক্ষকজনক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি চতুৰ্থ শ্ৰেণীত পঢ়া ১০ বছৰীয়া ছোৱালীজনীক ঘৰৰ ভিতৰতে শিক্ষক মইনুলে যৌন নিৰ্যাতন চলাইছিল।
অভিযোগ অনুসৰি শিক্ষকজনে ১৩ আগষ্টৰ শনিবাৰে আবেলি টিউচন পঢ়াবলৈ অহাৰ সময়তে ঘৰত কোনো উপস্থিত নথকাৰ সুযোগ লৈ এই কুকৰ্ম কৰিছিল। ঘৰলৈ যেতিয়া পিতৃ-মাতৃ উভতি আহিছিল তেতিয়া কন্যাই সকলো কথা কৈছিল মাতৃৰ আগত। মহিলাগৰাকীয়ে লগে লগে স্বামীক ঘটনা সম্পৰ্কে অৱগত কৰে।
খঙত খৰ্গহস্ত হৈ নিশাই শিক্ষকজনৰ ঘৰত উপস্থিত হয় পিতৃ। শিশুটিৰ পিতৃৰ ওচৰত শিক্ষকজনে স্বীকাৰ কৰে নিজৰ কুকৰ্মৰ কথা। লগতে এই কৰ্মক লৈ ক্ষমাও খোজে ছোৱালীগৰাকীৰ পিতৃ-মাতৃৰ ওচৰত। আৰক্ষীৰ অভিযোগ দাখিল নকৰিবলৈ অনুৰোধ কৰি বাৰে বাৰে কনমানিৰ পিতৃ-মাতৃৰ ওচৰত ক্ষমাও খোজে শিক্ষকজনে।
কিন্তু শিশুটিৰ অভিভাৱকে শনিবাৰেই গড়চুক আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে, যাৰ ভিত্তিত সেই শিক্ষকজনক দেওবাৰে গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে শিক্ষক মনিনুল হকৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৩৭৬ (ধৰ্ষণ) আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত অভিযোগ ৰুজু কৰি আটক কৰিছে।
Photo: Time8
Published By: Dulu Medhi
Discussion about this post