পুনৰবাৰ মানৱ সমাজক লজ্জানত কৰাৰ এক জঘন্য তথা নৃশংস ঘটনা সংঘটিত হৈছে এইখন অসমত (Assam)। এইবাৰ ঘটনাৰ স্থান নগাঁও জিলাৰ (Nagaon District) ধিঙৰ (Dhing) কমলসূতি চৰ। ঘটনাটো শুনিলে গাৰনোম শিঁয়ৰি উঠিব আপোনাৰো।
ঘটনা অনুসৰি, নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ (Dhing Police) অন্তৰ্গত কমলসূতি চৰৰ বিবাহিত লম্পট ছাইফুল ইছলাম আৰু লম্পট ছাইফুলৰ ভতিজা বোৱাৰী জহুৰা খাতুনে সংঘটিত কৰিছে এই জঘন্য ঘটনাটো।
জহুৰা খাতুন নামৰ মহিলাগৰাকীৰ স্বামী দুই বছৰে কৰ্মসূত্ৰে আছে বহিঃৰাজ্যৰ কেৰেলাত। তাৰেই সুযোগতে সম্পৰ্কীয় খুড়া শহুৰ আৰু জহুৰা খাতুনৰ মাজত প্ৰথমে গঢ়ি উঠিছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। তাৰ পিছত জহুৰা খাতুন হ’ল অন্তঃসত্ত্বা। যোৱা মঙলবাৰে জহুৰা খাতুনে নিজা গৃহতে জন্ম দিলে এটি কন্যা সন্তান।
আৰু তাৰ পাছত অবৈধ মাতৃত্বৰ কলংক ঢাকিবলৈ মাতৃ জহুৰা খাতুনে নিজ হাতেৰে অতি নৃশংসভাৱে হত্যা কৰিলে সদ্যোজাত সন্তানটিক (Mother Killed Her Inphant) ৷ লম্পট ছাইফুলৰ নিৰ্দেশত সন্তানটিক হত্যা কৰি মঙলবাৰে নিশাৰ এন্ধাৰত ঘৰৰ কাষতে নিজ হাতেৰে গাত খান্দি পুতি থৈছিল এইগৰাকী পাষাণ মাতৃয়ে।
আজি এই ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই ঘটনাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি অভিযুক্তক উত্তম মধ্যম দি আৰক্ষীক চমজাই দিয়ে ৷ ইফালে সন্ধিয়া ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জহুৰা খাতুনক আটক কৰাৰ লগতে সদ্যোজাতৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ আহে। এতিয়া দুয়ো অবৈধ প্ৰেমিক প্ৰেমিকাক ধিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
Photo & Input: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/truck-and-tollgate-collision-watch-horrific-viral-video/8538/
Discussion about this post