মঙলদৈত (Mangaldoi) এইবাৰ চোৰৰ (Thieves) টাৰ্গেট মানুহৰ ঘৰ নহয়, চৰকাৰী কাৰ্যালয়ৰ (Govt Office) চৰকাৰী সম্পত্তিহে। হাউছিং বৰ্ডৰ গৃহৰ পৰা চোৰে চুৰি কৰি লৈ গ’ল ৩২খনকৈ ফেন (Thieves Steal Fans)। মঙলদৈৰ (Mangaldoi) সকলোতকৈ সুৰক্ষিত বুলি ভবা স্থানতে হৈছে ২নং ৱাৰ্ডৰ মেজিষ্টেট কলনী।
সেই মেজিষ্টেট কলনীত থকা হাউছিং বৰ্ডৰ পৰা ৩২খনকৈ ফেন (Thieves Steal 32 Fans) আৰু বিদ্যুৎ সংযোগৰ তাঁৰ সমূহলৈ যোৱাটো এক আচৰিত ঘটনা। হাউছিং বৰ্ডৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক আবণ্টন দিবলৈ ২০১৭ চনতে A আৰু B ব্লক নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছিল। কিন্তু বিভাগীয় হেমাহিৰ বাবে গৃহসমূহ আজি পৰ্যন্ত আবণ্টন দিয়াৰ ব্যৱস্থা হোৱা নাই।
যাৰ ফলত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি লৈ গ’ল সামগ্ৰীসমূহ। এই ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া বিভাগটোৱে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয়।
Photo & Input: Bhabesh Kalita
Discussion about this post