ATM চোৰৰ অদ্ভূত কাণ্ড। চিচি কেমেৰাত নীলা ৰঙৰ স্প্ৰে মাৰি লুটি লৈ গ’ল ধন। SBI বেংকৰ এটিএমত নীলা ৰঙৰ স্প্ৰে মাৰি মেছিনেৰে কাটি ATM দাঙি লৈ যায়। লখিমপুৰৰ নাওবৈচাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। নাওবৈচাৰ কলেজ তিনিআলিত থকা SBIবেংকৰ এটিএম দাঙি লৈ যায় চোৰে ।
এটিএমটোৰ বাহিৰৰ চিচি টিভি কেমেৰাতো নীলা স্প্ৰে মাৰি ছাটাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে। পূৰ্বেও নাওবৈচাৰ ষ্টেট বেংকটোৰ শাখাতো চোৰে দুবাৰকৈ চুৰিৰ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। তাৰ পাছতো সতৰ্ক নহল নাওবৈচা আৰক্ষী।
Photo: Khatang Khobor





























Discussion about this post