ৰঙিয়াত প্ৰৱক্তাৰ ঘৰত দিন-দুপৰতে চুৰি। দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ ৭ লাখ টকাৰ সোণৰ আ-অলংকাৰ। ঘটনাটো সংঘটিত হৈছে ৰঙিয়াৰ নগৰৰ ১০নং ৱাৰ্ডৰ চিৰাখুন্দিত।
ৰঙিয়া মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা হবিবুল হকৰ গৃহত কোনো নথকাৰ সুযোগত দুৰ্বৃত্তই লুটপাত চলায়। প্ৰবক্তাগৰাকীয়ে দেওবাৰে আবেলিৰ ভাগত সপৰিয়ালে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল।
সন্ধিয়া উভতি অহাৰ পিছত ঘৰৰ পাছফালৰ দুৱাৰৰ লগতে দুটাকৈ আলমাৰি ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে। পিছত আলমাৰিৰ পৰা সোণৰ আ-অলংকাৰ আৰু নগদ ধন ডকাইতে লুটি নিয়া বুলি নিশ্চিত হয়। দিন দুপৰতে এনেদৰে চুৰিৰ ঘটনা সংঘটিত হোৱাত প্ৰৱক্তাগৰাকী হতভম্ব হৈ পৰে। পিছত ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে।
Photo & Input: চফিকুল আহমেদ
Discussion about this post