অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) ৰাজধানী ইটানগৰত (Itanagar Police) আৰক্ষীৰ জালত পৰিল এটা বৃহৎ চুৰি চক্ৰ। ৰাজধানী আৰক্ষীয়ে অভিযান চলাই এই চুৰি চক্ৰটোৰ সৈতে জড়িত ৩জনক আটক কৰাৰ লগতে চুৰি বাহন, গেছ চিলিণ্ডাৰ, মোবাইল ফোন আদি জব্দ কৰিবলৈ সক্ষম হয়। ইটানগৰৰ আৰক্ষী অধীক্ষক জিমি চিৰামে জানিবলৈ দিয়া অনুসৰি, ১৬ ফেব্ৰুৱাৰীত আৰক্ষীয়ে চুৰি কাণ্ডৰে জড়িত থকাৰ অভিযোগত টক চাহাৰ নামৰ এজন ২১ বছৰৰ যুৱকক আটক কৰিছিল।
ইয়াৰ পিছতে অভিযুক্তজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আন দুটা দুৰ্ধৰ্ষ চোৰক (Thief Detain) আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, টক চাহাৰক আটক কৰাৰ সময়ত অভিযুক্তৰ পৰা এটা চুৰি কৰা চিলিণ্ডাৰ আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে আৰক্ষীয়ে।
ইফালে অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত এছ আই ইনস্প চিমিৰ নেতৃত্বত টক চাহাৰক লগত লৈ চেঙ্কি ভিউৰ ওচৰৰ গভীৰ বনাঞ্চলত অৱস্থিত এটা পৰিত্যক্ত ঘৰত তালাচী চলায়। আৰক্ষীৰ এই আকস্মিক অভিযানত ৰোপো বাগাং (২২ বছৰ) আৰু আটো চাংৰাং (১৮ বছৰ) নামৰ আন দুটা দুৰ্ধৰ্ষ চোৰ আটক হয়। আৰক্ষীয়ে ঘৰটোৰ পৰা চুৰি কাৰ্যত ব্যৱহৃত বহু সা-সজুলিও জব্দ কৰে।
আৰক্ষী সূত্ৰই সদৰি কৰা মতে, এই চোৰ কেইটাই ইটানগৰৰ (Itanagar) বিভিন্ন প্ৰান্তৰ পৰা দুচকীয়া বাহনৰ লগতে মানুহৰ ঘৰত প্ৰৱেশ কৰি গেছ চিলিণ্ডাৰ, লেপটপ, মোবাইল ফোন আদি চুৰি কৰিছিল। আনহাতে ধৃত ৰোপো বাগাং আৰু আটো চাংৰাৰ বিৰুদ্ধে বেলেগ বেলেগ থানাত ৭টা গোচৰ ৰুজু হৈ থকা বুলিও জানিব পৰা গৈছে।
আৰক্ষীয়ে চুৰি চক্ৰটোৰ পৰা প্ৰথমাৱস্থাত ১১খন মটৰ চাইকেল, ১৬খন স্কুটী, ১০টা গেছ চিলিণ্ডাৰ, ১০টা গাড়ীৰ বেটাৰীৰ লগতে ইটানগৰ-নাহৰলগুন অঞ্চলৰ পৰা চুৰি কৰা ৭টা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
কিন্তু পৰৱৰ্তী সময়ত অধিক জেৰা চলোৱাত আৰক্ষীয়ে পুনৰ এখন বাজাজ পালচাৰ বাইক, এখন এভেঞ্জাৰ বাইক, দুখন স্কুটী, ১৬টা ঘৰুৱা চিলিণ্ডাৰ, ৩টা মোবাইল ফোন, ৩৩৪.৫ কেজি কোপাৰ তাঁৰ আৰু ৩২টা বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে তিনিওটা অভিযুক্তৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে সদৰি কৰা মতে, চুৰি চক্ৰটোৱে অসমৰ বান্দৰদেৱা অঞ্চলটো চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। চুৰি সামগ্ৰীসমূহ কম মূল্যত দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকক বিক্ৰী কৰিছিল চুৰি চক্ৰটোৱে।
ইফালে এছ আই সঞ্জিত ঝাৰ নেতৃত্বত চলোৱা আন এক অভিযানত আৰক্ষীয়ে ইটানগৰৰ আইজি পাৰ্কৰ পৰা সুনীল গুমজা নামৰ আন এজন চোৰক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ধৃত চোৰজনৰ পৰা এটা আইফোন, এটা আছুছৰ নোটবুক আৰু এখন চুৰী জব্দ কৰে।
ইটানগৰ আৰক্ষী অধীক্ষকে বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা ডকাইতি আৰু চুৰিৰ গোচৰৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰাৰ লগতে অভিযুক্তৰ সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে।
Photo & Input: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-2-child-injured-at-bilasipara-in-assam/7155/
Discussion about this post