বাক্সাৰ শালবাৰীৰ লক্ষ্মী মন্দিৰত চোৰৰ সন্ত্ৰাস। পুৱতি নিশা শালবাৰীৰ মাজমজিয়াত থকা লক্ষ্মী মন্দিৰত ভেণ্টিলেটৰ ভাঙি প্ৰৱেশ কৰে ধুমাৰপথাৰৰ ছফিকুল ইছলাম নামৰ চোৰটোৱে।
ছফিকুলে মন্দিৰটোত থকা সোণ-ৰূপৰ লগতে বিভিন্ন সামগ্ৰী চোৰ কৰাৰ অপচেষ্টা চলাই থকা সময়তে মন্দিৰটোৰ ভিতৰত আৱদ্ধ হৈ পৰে।
পিছত স্থানীয় ৰাইজে উত্তম মাধ্যম শোধায় শালবাৰী আৰক্ষীক খবৰ দিয়ে। মন্দিৰৰ CCTV কেমেৰা ভাঙি ভিতৰত প্ৰৱেশ কৰা চোৰ ছফিকুল ইছলামক পৰৱৰ্তী সময়ত আৰক্ষীয়ে কৰায়ত্ত কৰি থানালৈ লৈ যায়। চোৰটোৰ পৰা আৰক্ষীয়ে সোণ-ৰূপৰ সামগ্ৰীও উদ্ধাৰ কৰে।
Photo & Input: জাহিৰুল ইছলাম
Discussion about this post