টেট উত্তীৰ্ণৰ নথিপত্ৰ জালিয়াতি কৰি চাকৰি লোৱা কেইবাজনো টেট শিক্ষকক ইতিমধ্যে CIDৰ জালত পৰাৰ পিছত নগাঁও (Nagaon) আৰু হোজাই(Hojai) জিলাতো এই দুষ্কাৰ্যৰ লগত জড়িত কেইবাজনো লোকক CID-এ গ্ৰেপ্তাৰ কৰিছে।
উল্লেখযোগ্য যে কালি নগাঁও জিলাৰ চামগুৰিৰ বাজিয়াগাঁওস্থিত ৰূপহী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত সৰ্ব্বশিক্ষাৰ অধীনত ডিষ্ট্ৰিক্ট কোৱালিটী মেনেজাৰ হৈ থকা মৃণাল কুমাৰ মহন্ত নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অপৰাধ অনুসন্ধান শাখাক চমজাই দিছিল।
বুধবাৰে পুনৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ১০/২০২১ নম্বৰৰ গোচৰৰ ভিত্তিত নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ আৰবী বিভাগৰ সহকাৰী অধ্যাপক ডঃ জেহিৰুল ইছলামক টেট (Tet Teacher) উত্তীৰ্ণ নথি পত্ৰ জাল কৰাৰ অভিযোগত আটক কৰে।
লোকজনক সোধা-পোছাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ অনা হৈছে। জানিব পৰা মতে টেট উত্তীৰ্ণৰ জাল নথি পত্ৰ যোগান ধৰি একাংশ ভুৱা শিক্ষকৰ পৰা লক্ষাধিক টকা লোৱা বহু দালালক চি আই ডি য়ে ইতিমধ্যে চিনাক্ত কৰিছে।
তেনে এজন অভিযুক্ত হাজোৰ মহম্মদ ইছলামুদ্দিনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এই ইছলামুদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিতে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক ডঃ জেহিৰুল ইছলামক আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আটক কৰি গুৱাহাটীলৈ লৈ আহে।
তাৎপৰ্যপূৰ্ণ যে মঙলবাৰে সৰ্ব্বশিক্ষা অভিযান মিচনৰ কৰ্মচাৰী চামগুৰিৰ মৃণাল কুমাৰ মহন্তক অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত বুধবাৰে পুনৰ নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক আৰক্ষীৰ জালত পৰা ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইপিনে, হোজাই জিলাৰ নখুটিৰ পৰা ইকবাল হুছেইন আৰু আনোৱাৰ নামৰ আন দুজন লোকক আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (CID) কৰায়ত্ত কৰিছে বুলি জানিব পৰা গৈছে।
ইয়াৰে ধৃত ইকবাল সম্প্ৰতি হোজাই জিলাৰ সৰ্বশিক্ষা মিছনত কৰ্মৰত মকবুল হুছেইন নামৰ এজন কৰ্মচাৰীৰ ভাতৃ। মকবুল হুছেইনে সৰ্বশিক্ষা মিছনৰ ডিষ্ট্ৰিক্ট কোৱালিটি মেনেজাৰ হিচাপে কৰ্মৰত।
তেওঁ হোজাই জিলাৰ নখুটি অঞ্চলত এখন মহাবিদ্যালয়ো স্থাপন কৰিছে। এখন সৰ্বশিক্ষা মিছনৰ কৰ্মচাৰীয়ে কেনেদৰে স্থাপন কৰিব পাৰিছে তাকলৈ ৰহস্যৰ সৃষ্টি হৈছে। তাৎপৰ্যপূৰ্ণ যে ডিষ্ট্ৰিক্ট কোৱালিটি মেনেজাৰ সকলে সৰ্বশিক্ষা মিছনৰ অধীনত স্থাপন কৰা অস্থায়ী শিক্ষা কেন্দ্ৰ তদাৰকৰ দায়িত্বত থাকে। সেই ক্ষমতা তথা দায়িত্বৰ আঁত ধৰিয়েই টেট উত্তীৰ্ণৰ। ভুৱা প্ৰমাণ পত্ৰ যোগানৰে ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ আছে।
Photo: ৱাহিদুদ জামান
Discussion about this post