মানকাচৰৰ টেপৰপাৰাত মাছ মৰাক লৈ দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট। এই মাৰপিটত এজনে হেৰুৱালে প্ৰাণ। কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কালাপানী আৰক্ষীয়ে অনায়াসে গ্ৰেপ্তাৰ কৰিলে তিনিজনক।
কিয় ৰণথলীলৈ পৰিণত হ’ল মানকাচৰৰ অসম-মেঘালয়ৰ সীমান্ত টেপৰপাৰা? মানকাচৰৰ টেপৰপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। জুলহাশ, আনোৱাৰ হুছেইন আৰু আলম নামৰ তিনিজনক কোৰেৰে কোবাই কোবাই গুৰুতৰভাৱে আহত কৰে।
আনোৱাৰ হুছেইন নামৰ যুৱকজনক গোৱালপাৰাত উন্নত চিকিৎসাৰ বাৱে লৈ যোৱাৰ সময়তে কৰুণ মৃত্য়ুক সাৱটি লয়। কালাপানী আৰক্ষীয়ে আটক কৰা আচামী কেইজন ক্ৰমে আশাদ আলী (২০) , হজৰত আলী (২৮) আৰু ফটিক মণ্ডল (৫২) বুলি জানিব পৰা গৈছে।
Photo & Input: সামিম জাকাৰিয়া আৰু তাৰিফুল ইছলাম
Discussion about this post