চাপৰত (Chapar) এক জঘন্য কাণ্ড সংঘটিত হৈছে। এজন শিক্ষক ৰূপী লম্পটে ধৰ্ষণ (Rape Case) কৰি অন্তঃসত্বা (Pregnant) কৰিলে এগৰাকী যুৱতীক (Girl Rape By Teacher) । উত্তম মণ্ডল নামৰ এজন শিক্ষকৰ এই অপকৰ্ম। শিক্ষকৰ দৰে মহান বৃত্তিক কালিমা সানিলে এইজন শিক্ষক উত্তম মণ্ডলে (Culprit Uttam Mandal)। ভুক্তভোগীয়ে গোচৰ তৰিলে চাপৰ থানাত (Chapar Police Station)।
এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক উপৰ্যুপৰি ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে চাপৰৰ (Chapar) নাগপট্টিৰ (Nagpatti) শিক্ষক উত্তম কুমাৰ মণ্ডলে পত্নী ঘৰত নথকাৰ সুযোগতে একেখন গাঁৱৰে এগৰাকী যুৱতীক মুখত সোপা দি ধৰ্ষণ কৰে। তাৰ পিছত যুৱতীগৰাকীক চোকা অস্ত্ৰ দেখুৱাই পৰিয়ালক ঘটনাৰ বিষয়ে নক’বলৈ ভাবুকি প্ৰদান কৰে।
যুৱতীগৰাকীয়ে প্ৰাণৰ ভয়ত উক্ত ঘটনাৰ বিষয়ে কাকো একো জনোৱা নাছিল যদিও যুৱতীগৰাকীৰ শাৰীৰিক অৱস্থা দিনক-দিনে অৱনতি হোৱাত পৰিয়ালে চিকিৎসকৰ ওচৰলৈ লৈ যোৱাত চিকিৎসকে যুৱতীগৰাকী ১৩ সপ্তাহ ৬ দিনৰ অন্তঃসত্ত্বা বুলি কোৱাত পৰিয়ালে যুৱতীগৰাকীক সোধাত শিক্ষক উত্তম কুমাৰ মণ্ডল নামৰ লম্পটটোৰ কু-কৰ্ম বুলি পৰিয়ালক জনায়।
পিছত যুৱতীগৰাকীৰ পৰিয়ালে শিক্ষক উত্তম কুমাৰ মণ্ডল নামৰ লম্পটটোৰ বিৰুদ্ধে চাপৰ আৰক্ষী থানাত (Chapar Police Station) এখন গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিক তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে উক্ত লম্পট শিক্ষক উত্তম কুমাৰ মণ্ডলে পূৰ্বেও এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই ৰাইজৰ বিচাৰত জৰিমনা বিহি ক্ষমা খুজাও ঘটনা সংঘটিত হৈছে।
Photo & Input: নুৰজামাল হক
Discussion about this post