তেজপুৰত (Tezpur) ঘোচ (Taking Bribe Case) লৈ গ্ৰেপ্তাৰ (Arrest) হ’ল স্বাস্থ্য বিভাগৰ এগৰাকী কৰ্মচাৰী (Health Department Employee) ৷ শোণিতপুৰ জিলাৰ তেজপুৰ যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক ভূপেন বৰা (Bhupen Bora) নামৰ লোকজনে চিৰাজুল মডেল চিকিৎসালয়ৰ এম পি ডব্লিউৰ কৰ্মচাৰী দ্বিপেন দাস নামৰ লোকজনৰ পৰা ১০০ টকা উৎকোচ (100 Rupees Bribe) লোৱাৰ অভিযোগত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ (Directorate of Vigilance and Anti-Corruption) এটি দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৷
পৰৱৰ্তী সময়ত বৰাৰ তেজপুৰ নেহেৰু ময়দানৰ সমীপতে ভাড়াতীয়া হিচাপে থকা বাসগৃহত আৰক্ষীৰ এটা দলে তালাচী চলোৱাৰ সময়ত এখন বেংক পাছবুক, চাৰিখন চেক বুক আৰু নগদ ডেৰশ টকা উদ্ধাৰ কৰে ৷ পিছত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে শোণিতপুৰৰ তেজপুৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত প্ৰায় তিনিঘণ্টা ধৰি কৰা মাৰাথন জেৰা অব্যাহত ৰখাৰ পিছত দলটোৱে অধিক তথ্যৰ বাবে গুৱাহাটীলৈ লৈ যায় ৷
Photo & Input: ছাইদুল ইছলাম
Discussion about this post