উত্কোচ লৈ হাতে-লোটে ধৰা পৰিল স্বাস্থ্য বিষয়া। মৃত্যুৰ প্ৰমাণ পত্ৰৰ (Death Certificate) নামত লৈছিল ৫০০০ টকা ঘোচ। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া হিতেশ ডেকা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি (Directorate of Vigilance and Anti-Corruption) নিবাৰক শাখাৰ জালত। পাঁচ হাজাৰ টকা ঘোচ লওতেই (While Taking Bribe) হাতে-লোটে কৰায়ত্ত (Arrest) হিতেশ ডেকাক (Hitesh Deka)।
ঘটনা অনুসৰি ৰাণীৰ এজন লোকে আত্মীয়ৰ বাবে মৃতকৰ প্ৰমাণ পত্ৰ (Death Certificate) বনাবলৈ ৰাণীৰ সামূহিক চিকিৎসালয়ত আৱেদন কৰিছিল। তাৰ পিছতে প্ৰমাণ পত্ৰ বনোৱাৰ বাবদ চিকিৎসালয়খনৰে গ্ৰাম্য স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকাই লোকজনৰ পৰা দাবী কৰি বিচাৰিছিল ৫০০০ টকা।
ইতিমধ্যে লোকজনে পূৰ্বে ২০০০ টকা দিছিল স্বাস্থ্য নিৰীক্ষকজনক। পুনৰ বাকী থকা ৩০০০ টকা বিচৰাত দুৰ্নীতি নিবাৰক শাখাৰ সহায়ত ঘোচ (Bribe Case) লৈ থকা অৱস্থাত ধৰা পেলাই স্বাস্থ্য নিৰীক্ষকগৰাকীক।
ঘোচখোৰ স্বাস্থ্য নিৰীক্ষকগৰাকীৰ ঘৰ শুৱালকুছিৰ ৰাজগড়ত। ঘোচখোৰ স্বাস্থ্য নিৰীক্ষকগৰাকীৰক দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীলৈ গ্ৰেপ্তাৰ কৰি লৈ যায়।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-at-sivasagar-several-injured-in-assam/6009/
Discussion about this post