গেৰুকামুখ প্ৰকল্পত (Gerukamukh National Hydroelectric Power Corporation) ভয়ংকৰ মাৰপিটৰ ঘটনা, দেহৰ অংগ কাটি প্ৰকল্পত পূজা… গেৰুকামুখৰ NHPC (NATIONAL HYDROELECTRIC POWER CORPORATION LTD)ত ভয়ংকৰ পৰিস্থিতি।
শ্ৰমিকৰ মাজত প্ৰচণ্ড মাৰপিটৰ (Workers Clash) ঘটনা। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো প্ৰহাৰ শ্ৰমিকৰ। দুজন শ্ৰমিকে দেহৰ অংগ কাটি পূজা কৰাক লৈ সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনাটো।
আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ গাড়ী ভাঙিলে উত্তেজিত শ্ৰমিকে। উত্তেজিত শ্ৰমিকে জ্বলাই দিলে এটা কণ্টেইনাৰত থকা চিভিল অফিচো। ১৭ মাৰ্চৰ পুৱাই তিনিজন শ্ৰমিকে নিৰ্মাণ থলিত পূজা-পাতল কৰি থকা দেখা পায় আন কেইজনো শ্ৰমিকে ৷ পূজা কৰাক লৈ প্ৰশ্ন কৰাত পূজা কৰি থকা শ্ৰমিক কেইজনে নিৰ্মাণস্থানত নিয়োজিত আৰু ১৮৫জন শ্ৰমিকৰ মৃত্যু হ’ব বুলি ভৱিষ্যতবাণী কৰে।
ইয়াৰ পিছতে আন শ্ৰমিকসকলৰ মাজত পূজা-পাতল কৰি শ্ৰমিকক হত্যা কৰিব বিচাৰিছে বুলি এক ভূৱাবাতৰি প্ৰচাৰ কৰি দিয়াৰ লগে লগে উত্তেজিত হৈ পৰে অন্য শ্ৰমিকসকল ৷
সকলোৱে আক্ৰমণৰ লক্ষ্য কৰি ল’লে পূজা-পাতল কৰা শ্ৰমিককেইজনক ৷ প্ৰাণ ৰক্ষা কৰিবলৈ শ্ৰমিক তিনিজনৰ দুজন সোমাল কণ্টেইনাৰত থকা চিভিল কৰ্যালয়ৰ ভিতৰত আৰু এজনে দিলে নদীত জাঁপ ৷
উত্তেজিত শ্ৰমিকসকলে অন্ধবিশ্বাসৰ (Superstition) বশৱৰ্তী হৈ পৰিস্থিতি অধিক জটিল কৰি জুই লগাই দিয়ে কণ্টেইনাৰত ৷ ইয়াৰ পাছতে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰক্ষী আৰু সেই প্ৰকল্পৰ কামত নিয়োজিত CISFৰ জোৱানক ৷
আক্ৰমণৰ লক্ষ্য হৈ পৰা শ্ৰমিক কেইজনৰ দুজনক জীৱন্তে উদ্ধাৰ কৰিছে যদিও বৰ্তমানলৈ সন্ধান পোৱা নাই নদীত জাঁপ দিয়াজনৰ। অৱশেষত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
Photo & Input: ইছৰাকুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/nagaon-and-hojai-3-youth-join-ulfa-i-in-assam/7659/
Discussion about this post