তেজপুৰ বিশ্ববিদ্যালয়ত (Tezpur University) সংঘটিত হৈছে আত্মহত্যাৰ (Suicide) ঘটনা। তেজপুৰ বিশ্ববিদ্যালয়ত MSC অধ্যয়নৰত কপিলী ছাত্ৰী নিবাসৰ নিবাসী আদিতি শ্ব’ নামৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ ছাত্ৰীৰ কোঠালীৰ পৰা উদ্ধাৰ কৰে। ছাত্ৰীগৰাকীৰ ঘৰ ডিব্ৰুগড় (Dibrugarh) জিলাত বুলি জানিব পৰা গৈছে আৰক্ষীৰ সূত্ৰৰ পৰা।
মৃতদেহ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে শোণিতপুৰ আৰক্ষীয়ে (Sonitpur Police)। আত্মহত্যাৰ (Suicide) কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই আৰক্ষীয়ে এইক্ষেত্ৰত পৰিয়ালৰ লোকেই মন্তব্য প্ৰকাশ কৰা নাই।
তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰাও এই আত্মহত্যা ঘটনা সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত অৱশ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ তেজপুৰ বিশ্ববিদ্যালয়তে শোকৰ ছাঁ পৰিছে চাঞ্চল্যৰ সৃষ্টি হৈছে।
Photo & Input: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/again-encounter-at-guwahati-irani-gang-member-injured/5414/
Discussion about this post