তেজপুৰত (Tezpur) গুণোৎসৱ চলি থকাৰ সময়তে সংঘটিত হ’ল শিক্ষকৰ হাতত ছাত্ৰ প্ৰহৃত হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা (Student Beaten By Teacher)। ছাত্ৰক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি তেজপুৰত হুলস্থুল পৰিৱেশৰ সৃষ্টি। তেজপুৰ চহৰৰ কছাৰীগাঁও গাঁৱত অৱস্থিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ মুনলিট হাইস্কুলত (Moonlit High School) শুকুৰবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনা (Horrific Incident)।
ঘটনাটো জানিবলৈ দিয়া অনুসৰি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে নকল কৰি থকাৰ সময়তে পৰিছিল ধৰা। তাৰ পিছতে সব্যসাচী দে নামৰ শিক্ষকজনে ছাত্ৰজনৰ গালত শোধাইছিল ১৪টাকৈ পূৰ্ণহতীয়া চৰ (Teacher Slapping Student)। যাৰ ফলত মাটিত বাগৰি পৰিছিল ছাত্ৰজন, কিন্তু তাৰ পিছতো শিক্ষকজনে মাটিৰ পৰা উঠাই আনি পুনৰ প্ৰহাৰ কৰিছিল।
ইফালে ভুক্তভোগী ছাত্ৰজনৰ অভিযোগ যে তেওঁ কোনোধৰণৰ নকল কৰা নাছিল। ভুল ভাবি শিক্ষকে তেওঁক চৰ শোধাইছিল। এই ঘটনাৰ পিছতে শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰৰ পৰিয়ালে কছাৰীগাঁও আৰক্ষী (Kacharigaon Police) চকীত এজাহাৰ দাখিল (Fir Lodge ) কৰিছিল। ৬ষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনৰ দুগালত স্পষ্টভাৱে দেখা পোৱা যায় আঘাতৰ চিন ৷ শিক্ষকজনৰ চৰত ছাত্ৰৰ দুগাল ফুলি যোৱাৰ লগতে ছাত্ৰজনৰ দাঁত, কান আৰু চকু পৰ্যন্ত আঘাতপ্ৰাপ্ত হৈছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
পৰিয়ালৰ অভিযোগ অনুসৰি দিনৰ এই ঘটনাৰ পিছতে ছাত্ৰজনে এই কথা অৱগত কৰাইছিল পৰিয়ালক। কিন্তু সন্ধিয়ালৈকে একো বিষ অনুভৱ কৰা নাছিল যদিও নিশা বিষ অনুভৱ কৰাত পিতৃ-মাতৃয়ে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল পুত্ৰক। তাৰ পিছতে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল আৰক্ষী চকীত।
লগতে মাতৃৰ অভিযোগ ছাত্ৰজনে কিবা ভুল কৰিলে অভিভাৱকক মাতি অভিযোগ দিয়াৰ পৰিৱৰ্তে অতি কঠোৰভাৱে প্ৰহাৰ কৰাৰ অধিকাৰ ক’ত পালে বুলি প্ৰশ্ন উত্থাপন কৰে ছাত্ৰজনৰ মাতৃয়ে।
Photo: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/imfl-liquor-prices-to-increase-by-65-of-mrp-in-assam/9533/
Discussion about this post