দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি নাৰীজনিত অসামাজিক কামত জড়িত থকাৰ অভিযোগ বিভিন্ন সংবাদ মাধ্যমত চৰ্চিত হৈছে। এই বিষয়ক লৈ কেন্দ্ৰীয় বিষয় ববিয়াৰ সৈতে আলোচনা কৰি আমিনুল ইছলামক তৎকালীনভাৱে পদৰ পৰা বহিষ্কাৰ কৰা হয় বুলি এক বিবৃত্তিযোগে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সাধাৰণ সম্পাদক শৰীফুল ইছলাম প্ৰধানীয়ে সদৰি কৰে।
উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি আমিনুল ইছলামে সংঘটিত কৰিছিল এক নাভূত নাশ্ৰুত কাণ্ড।
এটি সন্তানৰ পিতৃয়ে পলাই লৈ গ’ল ৪ বছৰীয়া সন্তানৰ মাতৃক পলায়ন কৰি লৈ যোৱাৰ অভিযোগ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি আমিনুল ইছলামৰ বিৰুদ্ধে।
উল্লেখ্য দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীৰ পাটাঙীতোলা গাঁৱৰ নুৰ আমিনে ৭ বছৰ পূৰ্বে বিৱাহপাশত আৱদ্ধ হৈছিল বেঙেৰ ভিটা গাঁৱৰ আবুল কালাম আজাদৰ কন্যাৰ সৈতে।
নুৰ আমিনৰ ঘৰত ৪ বছৰীয়া সন্তানক পেলাই থৈ বৃহস্পতিবাৰে পত্নীয়ে কালাপানীৰ আমিনুল ইছলাম নামৰ যুৱক জনৰ লগত পলায়ন কৰিছে বুলি স্বামীয়ে জানিবলৈ দিয়ে।
জানিব পৰা অনুসৰি আছু কৰ্মী আমিনুল ইছলামৰ লগত নুৰ আমিনৰ পত্নীৰ বহু দিনৰে পৰা সম্পৰ্ক আছিল যদিও নুৰ আমিনে তেখেতৰ প্ৰেমৰ সম্পৰ্কে জ্ঞাত নাছিল।
পিছে আছু কৰ্মী আমিনুল ইছলামে নুৰ আমিনৰ পত্নীক ফুচলাই ফুচলাই বিগত ৭ আগষ্টৰ নিশা প্ৰায় ১টা বজাত পলায়ন কৰে বুলি স্বামী নুৰ আমিনে জানিবলৈ দিয়ে।
নুৰ আমিনে ঘটনা সন্দৰ্ভত কালাপানী থানাত 671/2021 V/S 366/379/342 IPCত এখন গোচৰ ৰুজু কৰিছিল।
Photo & Input: সামিম জাকাৰীয়া
Discussion about this post