প্ৰেমত ঘূৰিছে ভূমণ্ডল; প্ৰেমত ফুলিছে শতদল। সঁচাকৈয়ে প্ৰেমত ঘূৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা। কাৰণ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি আমিনুল ইছলামৰ নাভূত নাশ্ৰুত কাণ্ড।
এটি সন্তানৰ পিতৃয়ে পলাই লৈ গ’ল ৪ বছৰীয়া সন্তানৰ মাতৃক পলায়ন কৰি লৈ যোৱাৰ অভিযোগ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি আমিনুল ইছলামৰ বিৰুদ্ধে।
উল্লেখ্য দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীৰ পাটাঙীতোলা গাঁৱৰ নুৰ আমিনে ৭ বছৰ পূৰ্বে বিৱাহপাশত আৱদ্ধ হৈছিল বেঙেৰ ভিটা গাঁৱৰ আবুল কালাম আজাদৰ কন্যাৰ সৈতে।
নুৰ আমিনৰ ঘৰত ৪ বছৰীয়া সন্তানক পেলাই থৈ পত্নীয়ে কালাপানীৰ আমিনুল ইছলাম নামৰ যুৱক জনৰ লগত পলায়ন কৰিছে বুলি স্বামীয়ে জানিবলৈ দিয়ে।
জানিব পৰা অনুসৰি আছু কৰ্মী আমিনুল ইছলামৰ লগত নুৰ আমিনৰ পত্নীৰ বহু দিনৰে পৰা সম্পৰ্ক আছিল যদিও নুৰ আমিনে তেখেতৰ প্ৰেমৰ সম্পৰ্কে জ্ঞাত নাছিল।
পিছে আছু কৰ্মী আমিনুল ইছলামে নুৰ আমিনৰ পত্নীক ফুচলাই ফুচলাই বিগত ৭ আগষ্টৰ নিশা প্ৰায় ১টা বজাত পলায়ন কৰে বুলি স্বামী নুৰ আমিনে জানিবলৈ দিয়ে।
ইফালে নুৰ আমিনে ঘটনা সন্দৰ্ভত কালাপানী থানাত 671/2021 V/S 366/379/342 IPCত এখন গোচৰ ৰোজু কৰে যদিও আমিনুল ইছলামে পলাতক অৱস্থাত আছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
স্বামী নুৰ আমিনৰ সুখৰ সংসাৰত জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি আমিনুল ইছলামে জুই লগোৱাৰ কাৰণে দুখত ভাগী পৰিছে স্বামী নুৰ আমিনে।
শেহতীয়াকৈ নুৰ আমিনে আমিনুল ইছলামক অতি শীঘ্ৰে কৰায়ত্ত্ব কৰি উচিত শাস্তি বিহিবলৈ প্ৰশাসনক কাতৰ আহ্বান জনায়।
Photo & Input: তাৰিফুল ইছলাম
Discussion about this post