শোণিতপুৰ জিলাৰ (Sonitpur) ৰঙাপৰাত (Rangapara) সোমবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ডৰ (Murder Case) ঘটনা সংঘটিত হয়। যি ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা এজন লোকৰ কটা মূৰ লৈ ৰঙাপৰা থানাত উপস্থিত হয় এজন লোক।
জানিবলৈ দিয়া অনুসৰি ৰঙাপৰা আৰক্ষী (Rangapara Police) থানাৰ অন্তৰ্গত দয়ালপুৰৰ নিবাসী টুনিৰাম মাদ্ৰীয়ে ব্ৰইলৰ হেমৰম নামৰ ৫৫ বছৰীয়া এজন লোকক শিৰচ্ছেদ কৰে (Man Cuts Off Man Head) আৰু তাৰ পিছত হত্যাকাৰীয়ে প্ৰায় ১০ কিলোমিটাৰ পথ খোজকাঢ়ি কটা মূৰটো আৰু দাখন লগত লৈ থানাত উপস্থিত হয়।
ব্ৰইলৰ হেমৰম নামৰ লোকজনে টুনিৰাম মাদ্ৰীক মাত্ৰ ৫০০ টকা এটা বিচাৰিছিল। পাছত টুনিৰাম মাদ্ৰীয়ে টকাটো নিদিয়াৰ বাবে ব্ৰইলৰ হেমৰমে চাই ল’ম বুলি ভাবুকি দিয়াত খঙত অগ্নিশৰ্মা হৈ টুনিৰামে হাতত থকা চোকা দাৰে ডিঙিত ঘপিয়াই শিৰচ্ছেদ কৰে।
Photo & Input: প্ৰাঞ্জল বৰুৱা
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/si-junmoni-rabha-again-join-duty-at-nagaon-in-assam/11139/
Discussion about this post