সোণাপুৰৰ (Sonapur) কপালকাটাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ৭ মাহৰ প্ৰেমৰ অন্তত প্ৰেমিকৰ প্ৰতাৰণাৰ বলি এগৰাকী প্ৰেমিকা (Love Case)। সোণাপুৰৰ কপালকাটাৰ বাসিন্দা ৰাজীৱ আলীৰ সৈতে ৭ মাহ ধৰি প্ৰেমৰ সম্পৰ্ক (Love Sex Aur Dhokha Case) আছিল একেখন গাঁৱৰে নিবাসী মিৰোজা চিকদাৰৰ সৈতে।
বিগত কেইমাহৰ পৰা প্ৰায় ৭ মাহ ধৰি চলাই গৈছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু যেতিয়া প্ৰেমিক ৰাজীব আলীয়ে প্ৰেমিকা মিৰোজাক বিয়া নাপাতো বুলি ক’লে তেতিয়া যুৱকজনৰ ঘৰত উপস্থিত হৈ যুৱতীগৰাকীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। যুৱকজনে কোৱা ভাষ্য অনুসৰি- ‘ভালপাও কিন্তু বিয়া নাপাতো, ১০ হাজাৰ টকা আৰু মোবাইল দিছো কিন্তু বিয়া নাপাতো।’
এই ঘটনাটোকলৈ গাঁৱৰ ৰাইজে দুয়োকে সোধা-পোছা কৰাত দুয়োৰে মাজত ৭ মাহ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিব দিয়ে। গাঁৱৰ ৰাইজে দুয়োকে বিয়া পাতি দিয়াৰ কথা কয় কিন্তু যুৱকজনে যুৱতীগৰাকীক বিয়া পাতিবলৈ অমান্তি হয় যাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাৰ পিছতেই প্ৰেমিকা মিৰোজাই আত্মহত্যা (Attempt Suicide) কৰাৰ চেষ্টা কৰে। বৰ্তমান GMCHত চিকিৎসাধীন যুৱতীগৰাকী।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/health-tips-benefit-of-drinking-water-in-copper-pot/8319/
Discussion about this post