পিতৃ আৰু মাহীমাকৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ। যোৰহাট (Jorhat) লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত মেলেং বৰখেলীয়াত সংঘটিত হৈছে এই জঘন্য ঘটনা। দীপাৱলী উদযাপনৰ বাবে পুত্ৰ কাকুমণি বৰাই টকা বিচৰাৰ বাবেই পিতৃ আৰু মাহীমাকে মিলি হত্যা (Murder) কৰিলে কাকুমনি বৰাক।
কেইবাদিনো কাকু বৰা নিৰুদিষ্ট হৈ থকাত সন্দেহ উপজে ভিনিহিয়েকৰ। অৱশেষত যোৱানিশা ভিনিহিয়েকে লাহদৈগড় আৰক্ষীক অৱগত কৰাত নিশাই ঘটনাস্থলীত উপস্থিত হৈ নিশ্চিত কৰে হত্যাকাণ্ড। আজি পুৱা দণ্ডাধীশৰ উপস্থিতিত শৌচালয়ৰ পৰা উদ্ধাৰ কৰে মৃতদেহ।
মৃতদেহৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে। ইপিনে নিশাই আৰক্ষীয়ে আটক (Detain) কৰা পিতৃ ফণীধৰ বৰাৰ লগতে তৃতীয় পত্নীয়ে ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে। উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী ফণীধৰ বৰাই তিনিগৰাকী বিয়া কৰাইছিল। প্ৰথম আৰু দ্বিতীয় পত্নীৰ মৃত্যু হোৱাত পুনৰ বিবাহ কৰিছিল তৃতীয়গৰাকীক। হত্যাৰ বলি হোৱা কাকু বৰা বৰা আছিল দ্বিতীয়গৰাকীৰ পুত্ৰ। এইগৰাকী হত্যাকাৰী পিতৃৰ আন এজন পুত্ৰ ৰিতু বৰা বৰা কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত অৱস্থাৰে পৰাই নিৰুদিষ্ট হৈ আছে।
ঘটনা অনুসৰি ৩১ অক্টোবৰৰ নিশা ৯ বজাত ফলীয়া বাহঁৰে মৰিয়াই মৰিয়াই হত্যা কৰি পুতি থ’লে শৌচালয়ৰ গাঁতত। উল্লেখযোগ্য যে লাহদৈগড় আৰক্ষীয়ে মাহীমাক সৰু মাই দত্ত বৰা আৰু পিতৃ ফণীধৰ বৰাক আটক কৰিছে। বৈঠালাংছত নিৰুদ্দিষ্ট আৰক্ষী জোৱান ৰিতু বৰাৰ ভাতৃ কাকুমণি বৰা। স্থানীয় লোকৰ ভাষ্য মতে হত্যাকাণ্ড সংঘটিত হোৱা ঘৰখনত চলে জুৱাৰ আড্ডা।
Photo & Input: জিন্টু দেওধাই ফুকন
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/horrific-road-accident-one-died-at-silapathar-in-assam/4291/
Discussion about this post