শিৱসাগৰ জিলাৰ (Sivasagar District) ডিমৌ আৰ্দশ চিকিৎসালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Tragic Incident)। জন্মৰ পিছতে পাষাণ মাতৃয়ে হাস্পতালৰ বিচনাতে এৰি গ’ল নৱজাতকক। কোনে চিকিৎসালয়ত নৱজাতকটিক এৰি যায় সেই সন্দৰ্ভত জ্ঞাত নহয় চিকিৎসালয় কৰ্তৃপক্ষই।
চিকিৎসালয়খনত উদ্ধাৰ হোৱা নৱজাতকক লৈ এতিয়া বিমোৰত চিকিৎসালয় কৰ্তৃপক্ষ। প্ৰায় পাঁচদিনীয়া এটি নৱজাতকক চিকিৎসালয়ৰ বিছনাতে এৰি যায় কোনো হৃদয়হীন মাতৃয়ে। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়খনৰ চিকিৎসক নাৰ্ছৰ মাজত।
ঘটনা অনুসৰি এগৰাকী অচিনাক্ত মাতৃয়ে সন্তানটিক স্তন পান কৰাই কিছু সময়ৰ পিছতে কাপোৰ আনিবলৈ যাওঁ বুলি কৈ কাষৰ এগৰাকী প্ৰসূতীক নৱজাতক শিশুটিক চাবলৈ দি চিকিৎসালয়ৰ পৰা ওলাই গৈ পুনৰ ঘূৰি নাহিল। ইতিমধ্যে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ কৰ্তৃপক্ষই সুস্থ অৱস্থাত থকা শিশুটি উদ্ধাৰৰ সন্দৰ্ভত ডিমৌ আৰক্ষী থানাত অৱগত কৰিছে।
Photo: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/tragic-incident-one-pregnant-women-died-with-two-girl/9891/
Discussion about this post