নগাঁও জিলাৰ জাজৰিত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা। সম্বন্ধীয় ভাতৃৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী। ঘটনা সংঘটিত হয় জাজৰিৰ বৰমণিপুৰ নিচামতলত।
ছাজেদুৰ ৰহমান নামৰ বিবাহিত লম্পটোৱে সংঘটিত কৰে এই নিকৃষ্ট কাণ্ড। পত্নীৰ লগতে দুই সন্তানৰ পিতৃ ছাজেদুৰে পত্নীৰ ঘৰত নথকাৰ সুযোগ লৈ সম্বন্ধীয় ভগ্নীক ঘৰত কাম কৰাৰ চলনাৰে মাতি আনি সংঘটিত কৰে দুষ্কাৰ্য।
পৰিয়ালৰ লোক-
ইতিমধ্যে দুইমাহৰ অন্তঃসত্ত্বা যুৱতীগৰাকীৰ পৰিয়ালে স্থানীয় বৰিবজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও লম্পট ছাজেদুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হোৱা নাই বৰিবজাৰ আৰক্ষীয়ে।
লম্পট ছাজেদুৰ ৰহমান-
Photo & Input: ছাইদুল ইছলাম
Discussion about this post