প্ৰৱঞ্চনাৰ অভিযোগত নিজৰ হ’বলগীয়া স্বামীক গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চিত হোৱা অসম আৰক্ষীৰ (Assam Police) উপ-পৰিদৰ্শক জোনমণি ৰাভাক (SI Junmoni Rabha) সেই একেটা গোচৰতে আজি মাজুলী গড়মূৰ আৰক্ষীয়ে (Majuli Garhmoor Police) গ্ৰেপ্তাৰ (Arrest) কৰে।
হ’বলগীয়া স্বামীৰ সৈতে মিলি বহু লোকৰ পৰা ঠগ-প্ৰৱঞ্চনাৰে ধন সংগ্ৰহত জড়িত থকাৰ অভিযোগত বিগত তিনিদিন ধৰি গড়মূৰ আৰক্ষীয়ে (Garhmoor Police) জেৰা চলাই আছিল। এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক গৌতম বৰাই। জোনমণিৰ দুটা বেংক একাউন্টত প্ৰৱঞ্চনাৰে আহৰণ কৰা প্ৰায় ২০ লাখ টকা জমা হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল। গড়মূৰ আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি, কানাড়া বেংকৰ গড়মূৰ শাখাত থকা একাউণ্টত ১১,৩৩,১৭৪ টকা আৰু এক্সিছ বেংকৰ একাউণ্টত সোমাইছিল ৯,১৪, ২৬৯ টকা।
জানিব পৰা মতে, কিছু সময়ৰ পিছত ৰাভাক স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব আৰু তাৰ পাছতে তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব। উল্লেখ্য যে কিছুদিন পূৰ্বে জোনমণি ৰাভাই (SI Junmoni Rabha) তেওঁৰ হ’বলগীয়া স্বামী ৰাণা প’গাগক (Fianc Rana Pagak) প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। এই গ্ৰেপ্তাৰৰ পিছতে জোনমণি ৰাভাৰ এক অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছিল য’ত ৰাভাইও ধনৰ লেনদেনত জড়িত থকাৰ কথা স্পষ্ট হৈ পৰিছিল। অডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে গোচৰটোৱে অন্য এক ৰূপ পাই আৰু হ’বলগীয়া স্বামীৰ সৈতে প্ৰৱঞ্চনাৰ গোচৰত তেওঁৰ নাম সাঙোৰ খাই পৰে।
দালাল ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে আৰক্ষী বিষয়া ৰাভাই ONGCৰ বিষয়া বুলি চিনাকি কৰাই দি ঠিকা প্ৰদানৰ প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহ কৰিছিল।
উল্লেখযোগ্য যে ৰাজ্যজুৰি তোলপাৰ লগা এই প্ৰৱঞ্চনা সন্দৰ্ভত জোনমণি ৰাভাক সাঙুৰি ৰাণা পগাগৰ বিৰুদ্ধে গড়মুৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ তদন্ত যোৱা ১৭ মে’ৰ পৰা আৰম্ভ হৈছিল। গড়মুৰস্থিত কানাড়া বেংকত জোনমণি ৰাভাৰ নামত থকা বেংক একাউণ্টৰ জৰিয়তে ধনৰ লেনদেন কৰিছিল ৰাণা পগাগে (Fianc Rana Pagak)।
উল্লেখযোগ্য যে প্ৰৱঞ্চক ৰাণা পগাগে প্রেমিকা জোনমণি ৰাভাৰ সহযোগত অ এন জি চিত বহু কোটি টকাৰ ঠিকা দিয়াৰ প্রলোভনেৰে ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মাৰ পৰা প্ৰায় ৪৯ লাখ, অজিত বৰাৰ পৰা প্ৰায় ১৩ লাখ আৰু ৰঞ্জন কুটুম নামৰ এজন ঠিকাদাৰৰ পৰা প্ৰায় ২৫ লাখ টকা কমিছন লৈছিল ৰাণা পগাগে।
Photo: Google
Discussion about this post