সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে গৌৰীপুৰত (Gauripur)। নাবালিকা খুলশালীয়েকক পলুৱাই নি ৰঙাঘৰৰ আলহী হ’ল আদাবাৰী গাঁৱৰ দুটি সন্তানৰ পিতৃ। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। খুলশালীয়েকক পলুৱাই নি ৬মাহ পিছত আৰক্ষীৰ জালত পৰিল লম্পট গুলাপ হুছেইন (Arrest Gulap Hussein)।
অভিযোগ অনুসৰি প্ৰায় ১২বছৰ পূৰ্বে গৌৰীপুৰ আৰক্ষী থানাৰ (Gauripur Police) অন্তৰ্গত টিয়ামাৰী দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা মণ্টু আলীৰ কন্যাৰ লগত বিবাহ হৈছিল ধুবুৰীৰ আদাবাৰী প্ৰথম খণ্ড গাঁৱৰ বাসিন্দা গুলাপ হুছেইনৰ। লম্পট যুৱক গুলাপৰ আছে দুটি কণমানি কন্যা।
পত্নী আৰু শিশু কন্যা দুটিক এৰি প্ৰায় ৬ মাহ পূৰ্বে নিজৰ খুলশালীয়েক তথা দশম শ্ৰেণীৰ ছাত্ৰীক পলুৱাই নিছিল লম্পট গুলাপে। তাৰ পিছত জোৱায়েক গুলাপৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল মণ্টু আলীয়ে (FIR Lodged Against Gulap Hussein)।
এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গুলাপৰ বিৰুদ্ধে ১১২/২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ U/S ৩৬৫ IPC ধাৰাত এখন গোচৰ পঞ্জীয়ন কৰি অভিযান অব্যাহত ৰাখিছিল। কিন্তু গুলাপৰ পিতৃ জাহান আলীয়ে দুটি শিশু কন্যাসহ পুত্ৰ-বোৱাৰীক গৌৰীপুৰৰ টিয়ামাৰীৰ পিতৃ গৃহত খেদি পঠিয়ায়।
শুকুৰবাৰে গৌৰীপুৰ আৰক্ষীয়ে (Gauripur Police) গুলাপৰ পিতৃ জাহান আলীক আটক কৰাৰ পিছত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত কালাহট অঞ্চলত আত্মগোপন কৰি থকা অৱস্থাত গুলাপ হুছেইনৰ লগতে সন্ধানহীন হৈ থকা মন্টু আলীৰ নাবালিকা কন্যাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আজি আৰক্ষীয়ে লম্পট গুলাপ হুছেইনৰ লগতে তেওঁৰ পিতৃ জাহান আলীক ধুবুৰী আদালতত হাজিৰ কৰোৱাত আদালতে দুয়ো পিতা-পুত্ৰক জেল হাজোতলৈ প্ৰেৰণ কৰে।
Photo & Input: ওমৰ ফাৰুক সেখ
Published By: Dulu Medhi
Discussion about this post