কোনোদিনেই সংঘটিত নোহোৱা এক লজ্জাজনক ঘটনা সংঘটিত হৈছে এইবাৰ লাহৰীঘাটত। পিতৃয়ে বিক্ৰী কৰিছে সন্তানক।
এই ভয়াংকৰ ঘটনাটো সংঘটিত হৈছে মৰিগাঁৱৰ লাহৰীঘাটত। ড্ৰাগছ সেৱনৰ বাবে ৰিয়াজ আহমেদ নামৰ আঢ়ৈ বছৰীয়া পুত্ৰ সন্তানক বিক্ৰী কৰিলে পিতৃয়ে। আজিৰ সভ্য সমাজৰ মানুহে ড্ৰাগছ সেৱনৰ বাবে কিমান তললৈ যাব পাৰে সেয়া এক উদাহৰণ।
উল্লেখ্য লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত বৰবৰীৰ গাঁৱৰ আমিনুল ইছলাম নামৰ ড্ৰাগছ আসক্তটোৱে গৰৈমাৰীৰ শান্তিপুৰ গাঁৱৰ ছাজিদা খাতুনৰ পৰা নগদ ৪০হাজা টকাৰ বিনিময়ত বিক্ৰী কৰিছিল নিজ সন্তানক।
মাতৃৰ এজাহাৰ ভিত্তিত ইতিমধ্যে লাহৰীঘাট আৰক্ষীয়ে পিতৃ আমিনুল ইছলামৰ লগতে সন্তানক ক্ৰয় কৰা দুয়োকে আটক কৰে। লগতে শিশুক উদ্ধাৰ কৰি মাতৃক চমজাই দিয়ে আৰক্ষীয়ে।
Photo & Input: ছাদ্দাম হুছেইন
Discussion about this post