গোৱালপাৰাৰ (Goalpara) মাটিয়াত এক লজ্জাজনক ঘটনা সংঘটিত হয়। এজন লম্পট লোকৰ কামনাৰ বলি হয় এগৰাকী কিশোৰী। মোবাইলত গান দেখুৱাম বুলি অশ্লীল ভিডিঅ’ দেখুৱাই কিশোৰীক ধৰ্ষণ (Rape)। ধৰ্ষণ কৰি থাকোতে মাতৃয়ে আহি দেখা পাই।
ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক মোবাইলত গান দেখুৱাম বুলি চলেৰে ফুচুলাই অশ্লীল ভিডিঅ’দেখুৱাই ধৰ্ষণ কৰে লম্পট লোকজনে ৷
ধৰ্ষিতা নাবালিকাগৰাকীৰ মাতৃ ঘৰত উপস্থিত হৈ কন্যাৰ লগত সংঘটিত হোৱা সকলো ঘটনা নিজ চকুৰো প্ৰত্যক্ষ কৰে ৷ ঘটনা দেখিয়েই মাতৃয়ে লগে লগে হাহাকাৰ কৰি স্থানীয় ৰাইজক মাতে আৰু মাটিয়া আৰক্ষীক খবৰ দিয়ে। ধৰ্ষণকৰাী লম্পট ইছমাইল হুছেইন (৪৭)আৱদ্ধ কৰি ৰাখে উত্তেজিত ৰাইজে ৷ ঘটনাস্থলীত মাটিয়া আৰক্ষী উপস্থিত হৈ ধৰ্ষণকাৰী ইছমাইল হুছেইনক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
Photo: Khatang Khobor
Discussion about this post