ডবকাৰ সৰুপথাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সৰুপথাৰৰ ডেকেৰুৱা গাঁৱৰ ৩ সন্তানৰ পিতৃয়ে ফুচলাই পলুৱাই আনিলে এগৰাকী নাবালিকাক ৷ নাবালিকাক পলুৱাই আনি ৰঙাঘৰৰ আলহী হ’ল ৰিবুল উদ্দিন।
দেওবাৰে নিশা মোৰাঝাৰ আৰু দেৱস্থানৰ আৰক্ষীয়ে অভিযান চলাই ৰিবুলৰ ঘৰৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে ৰিবুলক আটক কৰে।
উল্লেখ্য বিবাহিত তথা তিনি সন্তানৰ পিতৃ ৰিবুল উদ্দিনে প্ৰথম বিবাহ কৰাৰ পিছত পূৰ্বেও এগৰাকী নাবালিকাক প্ৰেমৰ চলনাৰে পলুৱাই আনি দীৰ্ঘদিন পলাই আছিল ৷ ইয়াৰ পিছত পুনৰ বৰহাওৰৰ পৰা এইগৰাকী নাবালিকাক ফুচলাই আনি আৰক্ষীৰ জালত পৰে ৷ সম্প্ৰতি ধৃত লোকজনক দেৱস্থান থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
Photo & Input: এবাদুৰ ৰহমান
Discussion about this post