বিলাসীপাৰা বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ত (Bilasipara APDCL) নিয়োজিত এজন কনিষ্ঠ অভিযন্তা আৰু কৰ্মচাৰীৰ বিৰুদ্ধে মহিলাক যৌন নিৰ্যাতনৰ (Sexual Harrasment) অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাৰ থানাত গোচৰ। কঠোৰ শাস্তি প্ৰদানৰ দাবী।
বিলাসীপাৰা বৈদ্যুতিক উপ-সংমণ্ডলৰ (Bilasipara APDCL) অধীনস্থ উদমাৰী ৫ম খণ্ড গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা। গাঁও খনৰ বাসিন্দা তথা বিদ্যুৎ গ্ৰাহক আজিজুল ৰহমানৰ ঘৰত উপ সংমণ্ডলটোৰ কনিষ্ঠ অভিযন্তা খৰ্গেশ্বৰ শইকীয়াই বিভাগীয় কৰ্মচাৰীসহ বুধবাৰে উপস্থিত হয়।
ভুক্তভোগী মহিলা-
বিদ্যুতৰ চাৰ্ভে কৰিবলৈ আহি ঘৰত অকলে থকা ৰহমানৰ পত্নীক কনিষ্ঠ অভিযন্তাজনে আৰু এজন কৰ্মচাৰীয়ে গুপ্ত স্থানত হাত দিয়াৰ লগতে যৌন আতিশয্য চলোৱায় বুলি ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়ে।
পিছত হিংস্ৰ হৈ পৰা পুৰুষ দুজনৰ কবলৰ পৰা কোনো মতে মুক্ত হৈ মহিলাগৰাকী ঘৰৰ আন এটা কোঠাত গৈ তেওঁৰ স্বামীক ফোন যোগে মাতি পঠায়। অলপ নিলগত থকা ৰহমান ঘৰ পোৱাত অভিযন্তাসহ কৰ্মচাৰীজন গুচি যায়।
পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে মহিলাগৰাকী স্থানীয় লক্ষীগঞ্জ আৰক্ষী চকীত লম্পট দুজনৰ বিৰুদ্ধে সিদিনাই এজাহাৰ দাখিল কৰে। সেই মতে আৰক্ষীয়ে শুকুৰবাৰে ৮৬৪/২১ নম্বৰত আৰু ৪৪৭/২৯৪/৩৫৪ বি/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অৰম্ভ কৰে।
ভুক্তভোগী পৰিয়ালটিয়ে ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে। আনহাতে ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত কোনো মুখ খোলা নাই অভিযুক্তই।
Photo & Input: আতোৱাৰ ৰহমান
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/martyred-jawan-suman-swargiyari-last-rites-at-baksa/4391/
Discussion about this post