মহানগৰীৰ কমাৰ্চ কলেজত (Gauhati Commerce College) এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। প্ৰবক্তাৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। প্ৰবক্তাৰ প্ৰহাৰত ছাত্ৰই শ্ৰৱণ শক্তি হেৰুৱাবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে (College Professor Beaten Student)। হেমন্ত কুমাৰ ডেকা নামৰ প্ৰবক্তাগৰাকীৰ প্ৰহাৰত কাণৰ পৰ্দা ফাটিল এগৰাকী ছাত্ৰৰ। এই অভিযোগ উত্থাপন কৰিছে ছাত্ৰজনে। ছাত্ৰজনৰ নাম শুভম ক’ৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত চানমাৰি থানাত (Chandmari Police) এজাহাৰ দাখিল পৰিয়ালৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালে ৷
ইফালে এই ঘটনাৰ পিছতে গুৱাহাটী কমাৰ্চ কলেজৰ (Gauhati Commerce College) অধ্যক্ষ হোমেশ্বৰ কলিতাৰ মন্তব্য- ‘কলেজখনৰ দুজন প্ৰবক্তাৰ বিৰুদ্ধে দুটাকৈ চানমাৰি থানাত গোচৰ তৰিছে ছাত্ৰজনে। কলেজৰ ভিতৰত যিকোনো ঘটনা ঘটিলে অধ্যক্ষৰ ওচৰত অহা উচিত আছিল। তেওঁলোকে পোনে পোনে আৰক্ষীৰ কাষ চাপিছে।’
এই ঘটনাটো দুৰ্ভাগ্যজনক আখ্যা অধ্যক্ষৰ। প্ৰবক্তা হেমন্ত কুমাৰ ডেকাই হয়তো জানি বুজি কৰা নাই এই কামটো। হোষ্টেলৰ ছুপাৰটেণ্ডেণ্ট যুগল কিশোৰ বৰ্মণৰ বিৰুদ্ধেও হোষ্টেলৰ ছাত্ৰই আৰক্ষী থানাত ৰুজু কৰিছিল এটা গোচৰ। গোচৰ দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।
তেওঁলোকৰ বাবে কলেজৰ কৰ্তৃপক্ষ আছে, আৰক্ষীৰ কাষ চপাটো ভুল। শিক্ষক আৰু ছাত্ৰৰ মাজত সম্পৰ্ক মধুৰ হোৱাটো বিচাৰো। নিশ্চয় কাৰোবাৰ প্ৰতি ক্ষোভ থাকিব পাৰে। এনেকুৱা কৰিলে শিক্ষকৰ মনোবল কমি যায়। হোষ্টেলৰ ছাত্ৰসকলে পূৰ্বতে যদি কিবা অভিযোগ কৰিছিল সেই বিষয়ে চাব লাগিব। ৰেগিঙৰ নামত যিসকলে অসামাজিক কাম কৰি আছিল তেওঁলোকক ইতিমধ্যে যাবলৈ দিয়া হৈছে। নতুন হোষ্টেল এটাত ২৪জন ছাত্ৰৰ চুলি খুৰাই পেলোৱা হৈছিল,কিন্তু কোনোৱে অভিযোগ নিদিলে, আনকি অভিভাৱকেও ভয় কৰে অভিযোগ দিবলৈ। ১১জন ছাত্ৰই ৰেঙিৰ ভয়ত কলেজ এৰি পলায়ন কৰিব লগীয়া হৈছিল।
এই ঘটনাক লৈ কমাৰ্চ কলেজৰ (Gauhati Commerce College) প্ৰৱক্তা অভিযুক্ত হেমন্ত কুমাৰ ডেকাৰ মন্তব্য- ‘ষষ্ঠ ষান্মাসিকৰ ক্লাছ চলি আছিল সেই সময়ত। শুভম ক’ৰ নামৰ ছাত্ জনে শেষৰ বেঞ্চত বহি কিছু অমনোযোগেৰে খেলি-মেলিৰ সৃষ্টি কৰি আছিল। মই শুদ্ধভাৱে তেওঁক শুধিছিলো ক্লাচত এনেদৰে থাকিব নাপাই। কিন্তু মোক খুব বেয়াকৈ উভতি ধৰিছিল ছাত্ৰজনে। তেতিয়া মই পিঠিতহে ঢকা মাৰিছিলো, মই কাণত কোনো ধৰণৰ প্ৰহাৰ কৰা নাছিলো। আমি কষ্ট কৰো ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ বাবে। এনেদৰে সৰু সৰু কথাত আৰক্ষীৰ কাষ চাপিলে আমি কষ্ট পাও।
লগতে হোষ্টেলৰ ছাত্ৰই অনা অভিযোগৰ বিৰুদ্ধে হোষ্টেলৰ ছুপাৰটেণ্ডেণ্ট যুগল কিশোৰ বৰ্মনৰ মন্তব্য- ‘যি কৰা হৈছে নিয়মমতেহে কৰা হৈছে। সামগ্ৰিকভাৱে হোষ্টেলৰ পৰিবেশৰ ভাল কৰিবলৈহে চেষ্টা কৰা হৈছে। হোষ্টেলত বাস কৰা অধিক সংখ্যক ছাত্ৰই দুখীয়া ঘৰৰ। জু-ৰোডৰ মূল পথৰ কাষতে থকা হোষ্টেলত কিছু অনিয়ম দেখা পাই মই সতৰ্ক হ’বলৈ কৈছিলো। সেয়া জানো ভুল হ’ব পাৰে ৷ মোৰ বিৰুদ্ধে মিছাতে গোচৰ দিয়া হৈছে। পূৰ্বতেও বহু অনৈতিক কাৰ্যত লিপ্ত হোৱা ছাত্ৰকো আমি হোষ্টেলত পাইছো। তেওঁলোকক কিন্তু আমি চিনাক্ত কৰি হোষ্টেলৰ পৰা যাবলৈ বাধ্য কৰিছো।
Photo & Input: Ramesh Baishya
Discussion about this post