লখিমপুৰৰ (Lakhimpur) হাৰমতীত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ আঠ বছৰীয়া এগৰাকী কণমানিক বলপূৰ্বকভাৱে ধৰ্ষণৰ অপচেষ্টা (Trying To Rape) চলাই হাৰমতীৰ কাঠনি গাঁৱৰ পূৰ্ণ দাস নামৰ এজন বুঢ়া লম্পটে ৷
বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথতে কণমানিটিক ফুচুলাই মাতি নিছিল পূৰ্ণ দাস নামৰ লম্পটোৱে ৷ হাত-ভৰি বান্ধি ধৰ্ষণ (Rape) কৰাৰ অপচেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ কণমানিটিয়ে হূলস্থুল কৰাত সমৱেত হয় স্থানীয় লোক। লম্পট লোকজনে কামুৰি ছিঙিলে কণমানিৰ গাল।
ঘটনা সন্দৰ্ভত লালুক আৰক্ষী থানাত (Laluk Police Station) এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷ এজাহাৰৰ ভিত্তিত ধৰ্ষণকাৰী পূৰ্ণ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান বিষয় সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post