চৰকাৰী কাৰ্যালয়ত এতিয়াও বন্ধ হোৱা নাই উৎকোচৰ বেহা। এইবাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল এজন গাণনিক বিষয়া (Senior Treasury Officer)। ধৃত বিষয়াগৰাকীৰ নাম মদন মোহন সিং (Madan Singha)। ১০ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ (Bribe Case) হয় (Officer Arrest Receiving Rs 10000) শিলচৰৰ (Silchar) বিষয়াগৰাকী।
Today, a team of @DIR_VAC_ASSAM caught red handed Sh Madan Singha, Senior Account Assistant O/O Treasury officer, Cachar in his office receiving bribe of Rs 10000. The bribe was demanded for processing of commutation loan of the complainant, who is a retired public servant. pic.twitter.com/QjtSCQ1LPH
— GP Singh (@gpsinghips) June 15, 2022
দুৰ্নীতি নিবাৰক শাখাই (Directorate of Vigilance and Anti-Corruption) গ্ৰেপ্তাৰ কৰে মদন মোহন সিং নামৰ বিষয়াজনক। শিলচৰৰ কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ত গাণনিক বিষয়া হিচাপে কৰ্মৰত মদন মোহন সিং। ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে মদন মোহনক। এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ (Retired Public Servant) পৰা এই টকাখিনি ঘোচ (Bribe) হিচাপে লৈছিল বিষয়াজনে।
Photo: Twitter
আৰু পঢ়কঃ https://khatangkhobor.com/news/heavy-rainfall-auto-driver-died-at-karimganj-in-assam/9786/
Discussion about this post