মহানগৰীৰ (Guwahati) গাড়ীগাঁৱত (Garigaon) সংঘটিত হোৱা এক দলবদ্ধ ধৰ্ষণৰ (Gang Rape) ঘটনাই ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী দশম শ্ৰেণীৰ কিশোৰীক ৫ জনীয়া যুৱকৰ দলে (Girl Rape By 5 Youth) দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে সমগ্ৰ ঘটনাক ভিডিঅ’ আকাৰে ৰাখি ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছিল। এই ঘটনাৰ প্ৰথমে পোহৰলৈ অহা নাছিল যদিও ৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোতেই পানবজাৰ মহিলা আৰক্ষী থানাত (Panbazar Women Police) এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে।
ইয়াৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। ঘটনা সংঘটিত কৰা ৫ পাষণ্ডই (5 Culprit) ইতিমধ্যে আত্মগোপন কৰি আছে। আটাইকেইটাৰে অনুসন্ধান অব্য়াহত ৰাখিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাৰ তথ্য আৰক্ষীয়ে ৰাজহুৱা কৰা নাই যদিও ৫ পাষণ্ডৰ ফটো পোহৰলৈ আহিছে। আৰক্ষীয়ে ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিছে আৰু ধৰ্ষণকাণ্ড (Rape Case) সংঘটিত কৰা আটাইকেইটা প্ৰাপ্তবয়স্ক বুলি প্ৰকাশ কৰিছে।
পৰিয়ালৰ লোকে ৰুজু কৰা গোচৰত উল্লেখ থকা অনুসৰি ৫ পাষণ্ড হৈছে ক্ৰমে, মহম্মদ বিকি আলী (২২), মহম্মদ ফজুল আলী, পুনা আলী, পিংকু আলী আৰু মহম্মদ ৰাজা আলী। এই আটাইকেইটা পাষণ্ড জালুকবাৰী থানাৰ অন্তৰ্গত গাড়ীগাঁৱৰ। অভিযুক্ত ৫ যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান।
Photo & Input: Ramesh baishya
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-at-rangia-in-assam-one-died-two-injured/7491/
Discussion about this post