বিহালীত (Behali) সংঘটিত হৈছে এক জঘন্য ঘটনা (Rape Case) ৷ এগৰাকী নাবালিকাক ওৰে নিশা ধৰ্ষণ অৰ্জুণ চাহানী নামৰ এটা পাষণ্ডৰ ৷ ধৰ্ষণকাৰীৰ নাম প্ৰকাশ নকৰিবলৈ ধৰ্ষণকাৰীৰ ধমক ধৰ্ষিতা নাবালিকাক ৷ সোমবাৰে বিয়লি প্ৰায় ৫ বজাত বিহালীৰ কাঠনিবাৰীৰ অৰ্জুণ চাহানী নাম ২৪ বছৰীয়া পাষণ্ড যুৱক এজনে অঞ্চলটোৰ এগৰাকী (১২) বছৰীয়া নাবালিকাই দোকানলৈ যোৱাৰ সময়তে পথত মুখত সোপা দি হাতত ধৰি টানি নি সমীপৰে এটা পশু চিকিৎসা কেন্দ্ৰ এটাত ৰাখি ওৰে নিশা উপৰ্যুপৰি ধৰ্ষণ (Girl Rape) কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ওৰে নিশা অৰ্জুণ চাহানী নামৰ পাষণ্ডটোৱে ধৰ্ষণ চলোৱাৰ পিছত পৰিয়ালৰ লোকে নাবালিকাগৰাকীক সন্ধান উলিয়াবৰ চেষ্টা কৰা বুলি জানিব পাৰি পলায়ন কৰে ধৰ্ষণকাৰীটোৱে ৷
মঙলবাৰে দিনৰ প্ৰায় ১ বজাত নাবালিকাগৰাকী বন্ধ পশু চিকিৎসা কেন্দ্ৰটোৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত ধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীয়ে সমস্ত ঘটনা পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকৰ লগতে স্থানীয় সচেতন লোকে স্থানীয় জিনজিয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ৷ ইফালে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিলৰ পিছতে জিনজিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
Photo & Input: পলাশ প্ৰিয়ম
Discussion about this post