বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত হয় সংঘৰ্ষ ৷ বোকাখাতৰ পানবাৰী ৰিজাৰ্ভ ফৰেষ্টত সংঘটিত হৈছে এই ঘটনা ৷ ১৩ জুলাইত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গঁড় হত্যাকাৰী থাংগৌসিং ভি খামফৌপক ৷
চোৰাং চিকাৰীটোৱে লুকুৱাই থোৱা মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ নেতৃত্বত চিকাৰীটোক লৈ যোৱা সময়তে আৰক্ষীৰ বন্দুক কাঢ়ি পলোৱাৰ চেষ্টা চলাইছিল চোৰাং চিকাৰীটোৱো।
উপায়হীন হৈ আৰক্ষীয়ে সেই সময়তে গুলীচালনা কৰে চিকাৰীটোক ৷ অভিযানত যোৱা কনিষ্টবল জুৱেল গগৈয়ো গুৰুতৰভাৱে আহত হয় এই সংঘৰ্ষত ৷ দুয়োকে বোকাখাতত প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে JMCHত ভৰ্তি কৰোৱা হয়।
বুধবাৰে মাজনিশা বৰষুণৰ মাজতেই বোকাখাত আৰক্ষী থানাৰ পৰা চিকাৰীটোক গঁড় হত্যাত ব্যৱহৃত মাৰণাস্ত্ৰ উদ্ধাৰৰ বাবে লৈ যোৱা হৈছিল ৷
চিকাৰীটোক লৈ আৰক্ষীৰ দলে পানবাৰী সংৰক্ষিত বনাঞ্চলত মাৰণাস্ত্ৰ বিচাৰি থাকোতেই হঠাৎ চিকাৰীটোৱে কনিষ্টবল জুৱেল গগৈৰ ওপৰত জপিয়াই পৰি বন্দুক কাঢ়ি লয় ৷
আৰক্ষীক লক্ষ্য কৰি গুলী কৰিব ধৰোতেই আৰক্ষীয়েও চিকাৰীটোৰ ভৰিত গুলী কৰাত চিকাৰীৰ লগতে কনিষ্টবলজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ কাজিৰঙাৰ গঁড় হত্যাৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈছে আছে মনিপুৰী উগ্ৰপন্থী ৷
Photo: Khatang Khobor
Discussion about this post