ডবকা আৰক্ষীৰ (Dabaka Police) সৈতে কুখ্যাত বাইক চোৰ (Bike Thief) জাকিৰ হুছেইন (Jakir Hussain)ৰ এনকাউণ্টাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মাজনিশা ১ মান বজাত ডবকা (Doboka)ৰ শালবাগানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ এনকাউণ্টাৰ (Encounter)ৰ ঘটনা।
আমিৰ নামৰ বাইক চোৰ (Bike Thief) এটাক আটক কৰিবলৈ জাকিৰক লগত লৈ গৈছিল ডবকা আৰক্ষীয়ে। অভিযান চলাই উভতি অহাৰ সময়তে ডবকাৰ (Dabaka) শালবাগানত আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰে ধৃত চোৰ জাকিৰে।
লগে লগে আৰক্ষীয়ে তাক ৰখাবলৈ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা (Firing) কৰে। বৰ্তমান আহত জাকিৰক নগাঁও চিভিল হাস্পতালত (Nagaon Civil Hospital) ভৰ্তি কৰোৱা হৈছে। বাইক চোৰ জাকিৰ হুছেইনে বাইক চুৰিৰে ত্ৰাসৰ সৃষ্টি কৰিছিল। নিজ মুখে স্বীকাৰ কৰে এবাৰত চাৰিখনকৈ বাইক চুৰিৰ কথা। কেৱল সিমানেই নহয় পূৰ্বতে কেইবাবাৰো বাইক চুৰি কৰি জেললৈ গৈছিল দুৰ্ধৰ্ষ বাইক চোৰ জাকিৰ।
উল্লেখ্য যে যোৱা ১৪ নবেম্বৰত আৰক্ষীয়ে চাৰিজন কুখ্যাত বাইক চোৰ জাকিৰ হুছেইন, চাহাব উদ্দিন, ফিলিপ চাউহাঙ আৰু আচ্ছি নামাইক গ্ৰেপ্তাৰ (Arrest) কৰিছিল ৷ চাৰিওজনে মিলি ৫০ খনৰো অধিক বাইক চোৰ কৰা বুলি জানিব পৰা গৈছে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-at-narayanpur-in-lakhimpur/4536/
Discussion about this post